NORTHEAST NOW (Assamese)

ৰাজ্যত বানৰ তাণ্ডৱ : বাতিল কৰা হৈছে কেইবাখনো ৰে’লৰ চলাচল

June 17, 2018 11:12 am · এন ই নাও নিউজ

ৰাজ্যখনত বাৰিষাৰ বানে তীব্ৰ ৰূপ ধাৰণ কৰিছে। বৰাক-ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাৰে কেইবাটাও স্থানত বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কিছুমান স্থানতো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।

বানৰ এই সংহাৰী অৱস্থালৈ লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেই কেইবাখনো ৰে’লৰ চলাচল বাতিল কৰিছে।

আগৰতলা-ধৰ্মনগৰ-আগৰতলা আৰু ধৰ্মনগৰ-আগৰতলা-ধৰ্মনগৰ যাত্ৰীবাহী ৰে’ল বাতিল কৰা হৈছে। একেদৰে শিলচৰ-আগৰতলা-শিলচৰ যাত্ৰীবাহী ৰে’ল দুখনো  বাতিল কৰা হৈছে। বাতিল কৰা হৈছে শিলচৰ-ধৰ্মনগৰ, ধৰ্মনগৰ–শিলচৰ, শিলচৰ–গুৱাহাটী যাত্ৰীবাহী ৰে’লৰ চলাচলো।

একেদৰে বেংগালুৰু কেণ্টনমেণ্ট-আগৰতলা হমছফৰ ৰে’লৰ যাত্ৰা গুৱাহাটীৰ কামাখ্যা ষ্টেচনতে সীমাবদ্ধ কৰা হৈছে।

শিলচৰ-ভৈৰৱী আৰু ভৈৰৱী-শিলচৰ ৰে’ল দুখনো বাতিল কৰা বুলি জনোৱা হৈছে। বল্লভচেৰা-শিলচৰ দ্ৰুতবেগী ৰে’লখনৰ যাত্ৰা সাময়িকভাৱে বাতিল কৰা বুলিও জনাইছে এন এফ ৰে’লৱে কৰ্তৃপক্ষই।

বাৰিষাৰ এই সময়ছোৱাত নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ বহু ঠাই প্লাৱিত হৈ পৰিছে আৰু জনসাধাৰণৰ জীৱন যাত্ৰা স্তব্ধ হৈ পৰাৰ লগতে যোগাযোগ ব্যৱস্থাও ব্যহত হৈ পৰিছে।

Related News