বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ভিতৰুৱা গাওঁসমূহত বিজুলী সেৱা আৰু উন্নত যাতায়ত ব্যৱস্থা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হৈছে ৰাজ্যখনৰ ভিতৰতে আটাইতকৈ অনুন্নত অঞ্চল হিচাপে বিবেচিত পাহাৰীয়া জিলা কাৰ্বি আংলঙত।
পাহাৰীয়া জিলাখনৰ ভিতৰুৱা গাঁওসমূহৰ বৰ্তমান অৱস্থা সম্ভৱত: আটাইতকৈ শোচনীয় বুলি ক’ব পাৰি। বিগত দুটা দশক ধৰি দেওপানী নদীৰ আনটো দিশত প্ৰায় ২৫ খন গাঁৱত বাস কৰা জনজাতীয় গাঁওবাসীয়ে অঞ্চলটোৰ উন্নয়ন আৰু সু-প্ৰশাসনৰ বাবে আশা পালি ৰৈ আছে।
বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত এই অনুন্নত অংশটো পৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ দেওপানী স্বায়ত্ত শাসিত পৰিষদ সমষ্টিৰ অধীনত। স্বাধীনতাৰ পিছৰে পৰা অঞ্চলটো অপৰিৱৰ্তিত হৈ আছে আৰু কোনো উন্নয়নৰ মুখ দেখা নাই।
প্ৰতিবছৰে বাৰিষা কালত নদীখনৰ আনটো দিশত বাস কৰা লোকসসকলৰ জীৱন ৰেখা হিচাপে থকা কালভাৰ্টৰ এটা অংশ নামনিলৈ বৈ অহা পানীৰ তীব্ৰ সোঁতে উটুৱাই নিয়াৰ বাবে অঞ্চলটোৰ জনজাতীয় লোকসকলে চৰম অসুবিধাৰ সন্মুখীন হৈ আহিছে।
প্ৰায় ২৫ খন জনজাতীয় গাওঁৰ লোকসকলৰ যাতায়তৰ অত্যন্ত জৰুৰী সেৱাৰ পথটোৰ অংশ কালভাৰ্টটোৰ বাবে দুই দশক ধৰি চৰকাৰৰ সুদৃষ্টি পাবলৈ অপেক্ষা কৰি থাকিবলগীয়া হৈছে। স্বায়ত্ত শাসিত পৰিষদ কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে বছৰ বছৰ ধৰি এই গাওঁসমূহৰ বাসিন্দাসকলে আৰ্থ-সামাজিকভাৱে দুৰ্দশাগ্ৰস্ত জীৱন যাপন কৰিবলগীয়া হৈছে।
‘’দেওপানী নদীৰ ওপৰত এখন পকী দলঙৰ অভাৱত ইয়াৰ ৰাইজৰ বাবে উন্নয়নৰ আশা কৰাটো এতিয়াও এক সুদূৰ পৰাহত হৈ আছে,’’- কান্ধত চাইকেল লৈ নদীখন পাৰ হ’বলৈ যোৱা এগৰাকী স্থানীয় বাসিন্দাই এইদৰে কয়।
ইয়াৰ জনসাধাৰণৰ জীৱিকাৰ প্ৰধান অৱলম্বন হৈছে কৃষি আৰু বাসিন্দাসকলৰ বাবে বাৰিষাটো এক গুৰুত্বপূৰ্ণ সময়। ‘’ আমি আমাৰ উৎপাদিত কৃষিজাত সামগ্ৰীসমূহ নদীখন পাৰ হৈ কঢ়িয়াই নিব নোৱাৰো আৰু দুয়োপাৰৰ সৈতে সম্পৰ্ক গঢ়ি তোলাটো কঠিন হৈ পৰিছে,’’-পানীৰ স্তৰ কমিব বুলি আশা কৰি উৱলি যোৱা কামিজ পিন্ধি নদীৰ পাৰত বহি থকা এগৰাকী কৃষকে এইদৰে কয়।
দুৰ্ভাগ্যজনকভাৱে, নদীখনৰ দুয়োপাৰৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগ্ৰহণৰ বাবে এক কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে। কণ কণ ছাত্ৰ-ছাত্ৰীসকলে নিয়মিতভাৱে ঠেক বাঁহৰ সাঁকোৰে পাৰ হৈ স্কুললৈ যাবলগীয়া হৈছে।
ইয়াৰ বাবে শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে মানসিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে স্কুল বাদ দিয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আশ্চৰ্যজনকভাৱে বৃদ্ধি পাইছে।
কাৰ্বি আংলঙৰ বিতৰুৱা অঞ্চলসমূহত স্বাস্থ্য, শিক্ষা, যাতায়তকে ধৰি বুনিয়াদী সা-সুবিধাসমূহৰ অভাৱ আৰু বিকাশৰ মন্থৰ গতিহে প্ৰত্যক্ষ কৰা যায়।
সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত জনজাতিসকলৰ সবলীকৰণ আৰু তেওঁলোকৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু ভাষিক পৰিচয়ৰ সুৰ৭আৰ বাবে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদখন গঠন কৰা হৈছিল।
আনহাতে, সীমাহীন দুৰ্নীতি আৰু উন্নয়নমূলক পুঁজিৰ অপব্যৱহাৰে স্বায়ত্ত শাসিত পৰিষদখনৰ অধীনৰ অঞ্চলসমূহৰ আৰ্থ-সামাজিক উন্নয়ন স্থবিৰ কৰি পেলাইছে।