NORTHEAST NOW (Assamese)

ৰাজ্যত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা দুৰ্ঘটনাৰ শুনানি আৰম্ভ কৰিলে চৰকাৰৰ দ্বাৰা গঠিত আয়োগে

July 11, 2018 8:49 am · ৰিনয় বসুমতাৰী

বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক আকোৱালি লোৱা দুৰ্ঘটনা সমূহৰ শুনানি লোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এইচ এন শৰ্মাৰ অধ্যক্ষতাত, মুকুল পাটোৱাৰি, বিজয়া বৰা, ভাস্কৰ দাস আৰু বিপ্লৱ শৰ্মাৰে গঠিত আয়োগৰ এটা দল সোমবাৰে কোকৰাঝাৰত উপস্থিত হয়।

কোকৰাঝাৰ, চিৰাং আৰু ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত বিদ্যুৎ দুৰ্ঘটনাৰ ফলত অকাল মৃত্যুক আকোৱালি লোৱা লোক সকলৰ পৰিয়ালৰ সৈতে এই দলটোৱে আলোচনা কৰি শুনানি গ্ৰহণ কৰে।

বিদ্যুৎ দুৰ্ঘটনাত মৃত্যু হোৱা চিৰাং জিলাৰ বাচুগাঁৱৰ জয়নিটাই শাহা , ছাহেব আলি, কোকৰাঝাৰৰ ইক্ৰামূল মণ্ডল, ধুবুৰী বিলাসীপাৰাৰ আব্দুল শ্বেইখ, আছাটন বিৱি, মনোৰঞ্জন নাথ আৰু ৰাচিধা বিৱিৰ পৰিয়ালৰ সদস্যসকলক মাতি আনি বিদ্যুৎ দুৰ্ঘটনাৰ ওপৰত শুনানি গ্ৰহণ কৰে কোকৰাঝাৰ চহৰৰ আৱৰ্ত ভৱনত।

উল্লেখযোগ্য যে উজনি অসম আৰু মধ্য অসমত এনেধৰণৰ শুনানি গ্ৰহণ কৰাৰ পাছত সোমবাৰৰ পৰা নামনি অসমৰ বিভিন্ন অঞ্চলত এই দলটোৱে এনেধৰণৰ শুনানি গ্ৰহণ কৰিব।

ইফালে সোমবাৰে কোকৰাঝাৰত শুনানি সম্পন্ন হোৱাৰ পাছত দলটোৱে আজি বঙাইগাঁৱত এনেধৰণৰ দুৰ্ঘটনাৰ ওপৰত শুনানি ল’ব বুলি এইচ এন শৰ্মাই জানিবলৈ দিয়ে।

Related News