NORTHEAST NOW (Assamese)

ৰাজ্যত বৃদ্ধি পাইছে মৰেল পুলিচিং; নগাঁৱত মহিলা-পুৰুষক ওৰে নিশা প্ৰহাৰ

June 24, 2018 10:51 pm · মিণ্টু দাস

কাৰ্বি আংলং জিলাৰ ডকমকা কাণ্ডৰ পিছতো শিক্ষা লোৱা নাই ৰাজ্যৰ একাংশ লোকে। পুনৰ মৰেল পুলিচৰ প্ৰহাৰত নগাঁও জিলাৰ কঠিয়াতলিৰ জুমৰমুৰত গুৰুতৰভাৱে আহত হ’ল দুই পুৰুষ-মহিলা।

উল্লেখযোগ্য যে জুমৰমুৰত কালি নিশা এহাল পুৰুষ-মহিলাক তেওঁলোকৰ মাজত অবৈধ সম্পৰ্ক থকাৰ সন্দেহত স্থানীয় একাংশ ৰাইজে ধৰি ওৰে নিশা দুয়োকে প্ৰহাৰ কৰে। ফলত পুৰুষ-মহিলা উভয়ে গুৰুতৰভাৱে আহত হয়৷ স্থানীয় ৰাইজৰ হাতত প্ৰহৃত লোকজনৰ নাম আব্বাল উদ্দিলা ( ৩৫)বুলি জানিব পৰা গৈছে।

স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি কঠিয়াতলি টুবুকিৰ আব্বাল উদ্দিলা নামৰ পুৰুষজনে ঘৰত কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰি বিবাহিতা মহিলাগৰাকীৰ লগত অনৈতিক কাৰ্যত লিপ্ত হৈছিল। ইয়াৰ পিছতে ৰাইজে আব্বালক ধৰিবৰ চেষ্টা কৰে যদিও পলায়ন কৰোতেই স্থানীয় একাংশ লোকে আব্বালক ধৰি  প্ৰহাৰ কৰে ।

ইফালে আন একাংশই মহিলাগৰাকীকো ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনি চোতালত চোঁ‌চৰাই প্ৰহাৰ কৰে। একেদৰে নিৰ্যাতন চলাই অাব্বাল উদ্দিলাৰ ওপৰতো। ওৰে নিশা দুই পুৰুষ-মহিলাক নিৰ্যাতন চলাই হাত-ভৰি বান্ধি পিছত পুৱা কঠিয়াতলী আৰক্ষীক গতাই দিয়ে।

বৰ্তমান দুয়োকে উন্নত চিকিৎসাৰ বাবে নগাৱঁলৈ প্ৰেৰণ কৰিছে। ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আনহাতে মৰেল পুলিচৰ বিৰুদ্ধে কোনেও এজাহাৰ দাখিল নকৰিলে নগাঁও আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰজু কৰা বুলি জানিব পৰা গৈছে।

Related News