NORTHEAST NOW (Assamese)

ৰাজ্যপালৰ প্ৰস্তাৱিত ভ্ৰমণসূচীৰ প্ৰাক্ মুহূৰ্তত টংলা-ভেৰগাওঁ পথৰ মেৰামতিৰ কামত তৎপৰতা

March 25, 2018 8:28 am · চাজিদ খান
শনিবাৰে টংলাৰ টংলা-ভেৰগাওঁ পথত এখন জে চি বি কামত লাগি থকা দেখা দৃশ্য।

অহা ২৭ মাৰ্চত প্ৰথমবাৰৰ বাবে ওদালগুৰি ভ্ৰমণলৈ আহিবলগীয়া অসমৰ ৰাজ্যপালৰ জগদীশ মুখীৰ ভ্ৰমণৰ প্ৰাক্ মুহূৰ্তত পানী জমা হোৱা জৰীজীৰ্ণ টংলা-ভেৰগাওঁ পথটো মৰামতিৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষ তৎপৰ হৈ পৰিছে।

টংলা নগৰ সমিতিকে ধৰি স্থানীয় প্ৰশাসনে পথৰ দাঁতিৰ জাৱৰ-জোথৰ পৰিস্কাৰ কৰাৰ লগতে পথছোৱাত মাটি পূৰাই শিল-বালিৰে পথটো মেৰামতি কৰাৰ বাবে প্ৰচেষ্টা চলোৱাত টংলাৰ বাসিন্দাসকলে স্বস্তিৰ নিশ্বাস পেলাইছে।

ৰাজ্যপালৰ ভ্ৰমণৰ প্ৰাক্ মুহূৰ্তত সূত্ৰসমূহে জানিব দিয়া মতে টংলা চহৰলৈ সংযোগ হোৱা টংলা- ভেৰগাওঁ পথটো মেৰামতিৰ বাবে টংলা নগৰ সমিতিয়ে শ্ৰমিক নিয়োগ কৰিছে আৰু ইয়াৰ খৰচ বহন কৰিব পথটোৰ এছোৱাৰ  নিৰ্মাণৰ কাম আৱন্টন দিয়া স্থানীয় ঠিকাদাৰে।

টংলা নগৰ সমিতিৰ কৰ্মীসকলে পথটো পৰিস্কাৰ কৰি থকা দেখা গৈছে। টংলা-ভেৰগাওঁ পথৰ দাঁতিত বাস কৰা বাসিন্দাসকলে কয় যে ডাঙৰ ব্যক্তিৰ ভ্ৰমণৰ কাৰ্যসূচী নথকা হ’লে পথটো আগৰদৰেই পৰি থাকিলেহেঁতেন।

‘’অৱশ্যে আমি সুখী যে স্থানীয় কৰ্তৃপক্ষই অসমৰ ৰাজ্যপালৰ প্ৰস্তাৱিত ভ্ৰমণৰ বাবে গভীৰ টোপনিৰ পৰা সাৰ পাইছে,’’-এগৰাকী স্থানীয় দোকানী বাপ্পী সাহাই নৰ্থ ইষ্ট নাওক এইদৰে কয়।

যোগাযোগ কৰাত টংলা নগৰ সমিতিৰ বিষয়ায়ো নিশ্চিত কৰিছে যে ৰাজ্যপালৰ ভ্ৰমণৰ বাবেই মেৰামতি আৰু পৰিস্কাৰ কৰাৰ কাম কৰি থকা হৈছে।

বাতৰি অনুসৰি, ৰাজ্যপাল মুখীয়ে ইয়াত আৰ্য সমাজৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ লগতে বিদ্যালয়, মহাবিদ্যালয় আৰু চিকিৎসালয়সমূহ ভ্ৰমণ কৰি টংলাত স্বচ্ছ অভিযানৰ অগ্ৰগতিৰ বুজ ল’ব।

ওদালগুৰি আৰ্য সমাজে ৩৫ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈকে এখন তিনিদিনীয়া চতুৰ্বেদ শাক্ত পৰায়ন জ্ঞানযজ্ঞৰ আয়োজন কৰিছে।

Related News