ৰাজ্যবাসীক আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বাৰ্তাত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে। বাৰ্তাটোত মুখ্য মন্ত্ৰীজনে কয় যে নৱবৰ্ষই বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামত বাস কৰা সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী তথা বিভিন্ন ধৰ্মাৱলম্ব লোকৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি তেওঁ আশা কৰিছে।

‘২০১৭ বৰ্ষটোত আমি সকলোৱে ঐক্যবদ্ধভাৱে ৰাজ্যখনত শান্ত-সম্প্ৰীতি আৰু বন্ধুত্বৰ ভাব অধিক সুদৃঢ় কৰিলো। আমাৰ মাজত সৌহাৰ্দ্যৰ পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত বৃহত্তৰ অসমীয়া জাতিয়ে যি মানৱীয় পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো।’ মুখ্য মন্ত্ৰীয়ে বিবৃত্তিটোত কয়।

লগতে তেওঁ কয় যে এনে মানসিকতাৰে সকলোৱে আগ বাঢ়িলে ৰাজ্যখনক দেশৰ ভিতৰতে এখন সমৃদ্ধিশালী আৰু শ্ৰেষ্ঠ ৰাজ্য হিচাবে গঢ়ি তুলিবলৈ সক্ষম হ’ব। ৰাজ্যখনৰ উজ্জল ভৱিষ্যৎ নিৰ্মাণ কৰাৰ বাবে আৰু যুৱ প্ৰজন্মক সঠিক দিশেৰে আগুৱাই নিয়াৰ বাবে গুণগত শিক্ষাৰ প্ৰসাৰৰ ওপৰত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে, যাতে গুণগত শিক্ষাৰ জৰিয়তে নৱ প্ৰজন্মৰ প্ৰতিগৰাকী যুৱক-যুৱতীয়েই একো একোগৰাকী আদৰ্শ নাগৰিক হ’ব পাৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে মুখ্য মন্ত্ৰীজনে নতুন বছৰৰ প্ৰাকক্ষণত দিয়া আজিৰ বিবৃত্তিটোত কয় যে তেওঁলোকে অসমৰ ৰাইজৰ পৰা সদায়েই আশীৰ্বাদ বিচাৰে। ৰাজ্যখনৰ সকলো সাংসদ, বিধায়ক, নগৰ আৰু গাওঁ পঞ্চায়তৰ জনপ্ৰতিনিধিৰ মিলিত প্ৰচেষ্টাৰে আগুৱাই নিয়াৰ বাবে জনসাধাৰণৰ সহযোগিতা আৰু আশীৰ্বাদৰ একান্ত প্ৰয়োজন। বিবৃত্তিটোত মুখ্য মন্ত্ৰীজনে আগন্তুক বছৰটোত ৰাজ্যখনক অধিক বিকশাই তোলাৰ বাবে ৰাজ্যখনৰ সম্পদ আৰু সম্ভাৱনীয়তাক আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপযুক্ত প্ৰয়োগেৰে উন্নয়নৰ ধাৰা আগুৱাই নিব লাগিব বুলি কয়। লগতে প্ৰতিখন চৰকাৰী আঁচনিয়েই যাতে সফলভাৱে ৰূপায়ণ হয় আৰু প্ৰতিগৰাকী হিতাধিকাৰীয়ে যাতে ইয়াৰ সুফল লাভ কৰিব পাৰে তাৰ বাবে ৰাইজক চোকা দৃষ্টি ৰাখিবৰ বাবেও আহ্বান জনায়। লগতে তেওঁ চৰকাৰখন সুপৰিচালনাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে ইতিবাচক ভূমিকা লোৱা বুলি কৈ সংবাদ মাধ্যমকো প্ৰশংসা কৰে।