ৰাজ্যবাসীয়ে পৰাগ কুমাৰ দাসৰ জন্মদিন উদযাপন কৰি থকা অৱস্থাতে মাকৰ মৃত্যু

চহিদ সাংবাদিক পৰাগ কুমাৰ দাসৰ মাক অনুপমা দাস।

১৯৯৬ চনৰ ১৭ মে’ত আততায়ীয়ে গুলীয়াই হত্যা কৰা, অসমৰ স্বাৰ্থত আপোচবিহীনভাৱে কলম চলোৱা নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ জন্মদিন ২৪ ফেব্ৰুৱাৰিটো অসমৰ মানুহে প্ৰতি বছৰে উদযাপন কৰাৰ দৰে এইবাৰো উদযাপন কৰাৰ যো-জা কৰি থাকোতেই সাংবাদিকজনৰ মাকৰ মৃত্যুৰ বাতৰি আহে। এই কথাই চহিদ সাংবাদিকজনৰ অনুৰাগীসকলক আন এক আঘাত দিলে।

মাক অনুপমা দাসৰ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তেওঁৰ বয়স হৈছিল ৯৪ বছৰ। অনুপমা দাসে অসীম ধৈৰ্য্যৰে বোৱাৰীয়েক আৰু নাতি-নাতিনীক দুৰ্য্যোগৰ দিনবোৰত সাহসেৰে সংগ দিছিল।

উল্লেখযোগ্য যে পৰাগ কুমাৰ দাসৰ এইটো আছিল ৫৭সংখ্যক জন্মদিন।  তেওঁৰ ১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰিত শ্বিলঙত জন্ম হৈছিল। শিক্ষা লাভা কৰিছিল ক্ৰমে গুৱাহাটীৰ চেনিকুঠি বালক বিদ্যালয়, এম চি এম ই স্কুল আৰু কটন কলেজিয়েট স্কুলৰ পৰা। ১৯৭৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিছিল।

আকৌ কটন কলেজৰ পৰা বিজ্ঞান শাখাত প্ৰাক- বিশ্ববিদ্যালয় পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিছিল। দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা অৰ্থনীতি বিভাগত সন্মানসহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লোৱাৰ পিছত দাসে দিল্লীৰ স্কুল অব ইকনমিকছৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

ইয়াৰ পিছতে ১৯৮৪ চনত পাঞ্জাব নেশ্যনেল বেংকত বিষয়া হিচাপে নিযুক্ত হয়। তাৰ পিছত য়ুনিট ট্ৰাষ্ট আৰু গুৱাহাটী ষ্টক এক্সছেইঞ্জত মহাপ্ৰবন্ধক হিচাপে যোগদান কৰে। ১৯৯৫ চনত চাকৰিৰ পৰা পদত্যাগ কৰে। তেওঁ বুধবাৰ কাকতখনৰ জৰিয়তে সাংবাদিকতা আৰম্ভ কৰি পিছত ‘অসমীয়া প্ৰতিদিন’ কাকতৰ কাৰ্যবাহী সম্পাদক পদত যোগদান কৰে।

মানৱ অধিকাৰ কৰ্মী হিচাপেও সক্ৰিয় আৰু সবল স্থিতি লোৱা পৰাগ কুমাৰ দাসৰ বিবাহ হৈছিল পূৰবী দাসৰ লগত। তেওঁলোকৰ দুই পুত্ৰ-কন্যা আছে।

১৯৯৬ চনৰ ১৭ মে’ তাৰিখে নিজৰ পুত্ৰক গুৱাহাটীৰ চান্দমাৰি-ৰাজগড় পথত থকা অসম জাতীয় বিদ্যালয়ৰ পৰা আনিবলৈ যাওঁতে পৰাগ কুমাৰ দাসক অচিনাক্ত আততায়ীয়ে নৃশংসভাৱে নিজ পুত্ৰৰ সন্মুখতে গুলীয়া হত্যা কৰে। এই হত্যাকাণ্ডত চাৰিজন ছালফা সদস্য, ক্ৰমে- মৃদুল ফুকন ওৰফে সমৰ তাঁতী, দিগন্ত বৰুৱা, তপন দত্ত ওৰফে বিশ্বজিত শইকীয়া আৰু নয়ন দাস ওৰফে গুলীক অভিযুক্ত কৰা হৈছিল যদিও প্ৰমাণৰ অভাৱত তেওঁলোক দোষমুক্ত হয়।