ৰাজ্যসভাৰ সাংসদ ৰূপে শপত গ্ৰহণ কৰিলে হিছেই লালছুংপাই

Sikkim-Rajya-Sabha-MP-Hishey-Lachungpa-

বুধবাৰে দেশৰ উচ্চ সদন তথা ৰাজ্যসভাৰ সদস্য ৰূপে শপত গ্ৰহণ কৰিলে ছিকিমৰ নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ হিছেই লালছুংপাই ।

শাসনাধিষ্ঠ ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্ট চমুকৈ এছ ডি এফৰ পৰা ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে লালছুংপা ৰাজ্যসভাৰ সাংসদ ৰূপে নিৰ্বাচিত হয়।

উল্লেখযোগ্য যে কালি ৰাজ্যসভাৰ সদস্যৰূপে শপত গ্ৰহণ কৰা লালছুংপাই হিন্দী ভাষাত নিজৰ শপত বাক্য পাঠ কৰা দেখা যায়।

শপত গ্ৰহণ অনুষ্ঠানৰ পাছত সাংসদ লালছুংপাই সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ ভাব প্ৰকাশ কৰা দেখা যায়। ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে মোক সাংসদ হিচাপে নিৰ্বাচিত কৰাৰ লগতে মোৰ ওপৰত দেখুওৱা বিশ্বাসৰ বাবে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পৱন ছামলিং, ছিকিম বিধানসভাৰ বিধায়কসকলৰ লগতে ৰাজ্যখনৰ সকলো জনসাধাৰণকে ধন্যবাদ জ্ঞাপন কৰিলো। এইদৰে তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

ইয়াৰ উপৰি ৰাজ্যখনৰ উন্নয়ন তথা দীৰ্ঘদিনে সমাধান নোহোৱা সমস্যা সমূহৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ আগত সজোৰে দাবী উত্থাপন কৰিব বুলিও তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে।

লক্ষ্যণীয় যে বাজেট অধিৱেশনৰ দ্বিতীয় অংশৰ বাবে সম্পূৰ্ণ এমাহৰ বিৰতিৰ অন্তত দুয়োখন সদনৰ কাম কাজ মঙলবাৰে পুনৰ আৰম্ভ হোৱা পৰিলক্ষিত হয়।