ৰাজ্যৰ কৃষকক বিতৰণৰ বাবে অনা কৃষি বিভাগৰ স্প্ৰে’ মেচিন ওলাল ব্যৱসায়ীৰ ঘৰত; এজনক আটক

Sprayer

দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ কথা কোৱা বিজেপিৰ চৰকাৰৰ দিনতো কংগ্ৰেছ চৰকাৰৰ দৰেই অব্যাহত আছে কৃষি বিভাগত অনিয়ন আৰু কেলেংকাৰি। কিছু মাহৰ পূৰ্বে কৃষকক ৰেহাই মূল্যত ট্ৰেক্টৰ বিতৰণত ব্যাপক কেলেংকাৰিৰ অভিযোগ উঠাৰ পিছত ট্ৰেক্টৰ বিতৰণ স্থগিত ৰাখিব লগীয়া হৈছিল চৰকাৰ।

তাৰ পিছতো কৃষি বিভাগত চলি থকা কেলেংকাৰিৰ গতি স্তব্ধ হোৱা নাই। আনহাতে কংগ্ৰেছ চৰকাৰৰ দৰে একেই আছে, গুটি নধৰা ধানৰ সঁচ যোগান।

আজি যোৱা নিশা খাৰুপেটীয়াত এটা গোপন সূত্ৰৰ ভিত্তিত খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপ পৰিদৰ্শক চন্দন গোস্বামীৰ নেতৃত্বত যোৱা এটা দলে খাৰুপেটীয়া চহৰৰে সাৰৰ ব্যৱসায়ী চাহজাহান আলীৰ ঘৰত অভিযান চলাই কৃষি বিভাগৰ ১৯০টা কীটনাশক ছটিওৱা মেচিন জব্দ কৰে। এই অভিযানৰ সময়ত আৰক্ষীৰ দলটোৰ সৈতে দলগাওঁ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া যুৱৰাজ বৰঠাকুৰো আছিল।

সূত্ৰটোৱে জনোৱামতে, এই মেচিনসমূহ AS 01D 0339 নম্বৰৰ এখন গাড়ীত বোজাই কৰি থোৱা আছিল। আৰক্ষীৰ দলটোৱে গাড়ীখনৰ হেণ্ডিমেন ওদালগুৰি জিলাৰ কলাইগুৰিৰ মইনুল হককো সোধা-পোছাৰ বাবে আটক কৰে। অৱশ্যে ব্যৱসায়ী চাহজাহান আলী আৰু গাড়ীখনৰ গৰাকী আৰু চালক কলাইগুৰিৰ আজিজুল আলী পলাই যায়।

আৰক্ষীৰ সোধা-পোছাৰ সময়ত হেণ্ডিমেন মইনুল হকে দণ্ডাধীশৰ আগত স্বীকাৰ কৰে যে মেচিনবোৰ ওদালগুৰি জিলাৰ কৃষি বিভাগৰ কাৰ্য্যালয়ৰ পৰা অনা হৈছিল।

খাৰুপেটীয়া আৰক্ষীয়ে এই সন্দৰ্ভত (No. 166/2018 U/S 420/409 IPC) নম্বৰৰ এটা গোচৰ ৰুজু কৰি আজি অভিযুক্ত মইনুল হকক আদালতত হাজিৰ কৰায়। আদালতে হকক দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে।