ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ আন এটা সু-খবৰ : জাপানৰ এছিয়ান কাৰাটেলৈ নিৰ্বাচিত বৰপেটাৰ নিশাদ আলী

অলপতে অসম সন্তান ৰিয়ান পৰাগে ১৯ অনূৰ্ধ্ব ভাৰতীয় ক্ৰিকেট দললৈ আৰু ভাৰতীয় মহিলা ক্ৰিকেটৰ এ দললৈ অসম জীয়ৰী মনীষা দাস নিৰ্বাচিত হৈ ৰাজ্যখনৰ ক্ৰীড়াক্ষেত্ৰলৈ গৌৰৱ কঢ়িয়াই অনাৰ পিছতে ৰাজ্যখনৰ ক্ৰীড়াক্ষেত্ৰলৈ আহিছে আন এটা ভাল খবৰ।

প্ৰাপ্ত তথ্য মতে বৰপেটাৰ নিশাদ আলী নামৰ এজন প্ৰতিভাৱান কিশোৰ জাপানত অনুষ্ঠিত হ’বলগীয়া ২১ অনূৰ্ধ্ব এছিয়ান কাৰাটে প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে।

অহা ১০ মে’ৰ পৰা ১৩ মে’লৈ জাপানৰ অকিনাৱা চহৰত অনুষ্ঠিত হ’বলগীয়া ১৭ সংখ্যক এচিয়ান কাৰাটে প্ৰতিযোগিতাত বৰপেটা চহৰৰ হাচমত আলীৰ পুত্ৰ নিশাদ আলীয়ে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব।

নিশাদ আলীয়ে প্ৰতিযোগিতাখনৰ ১৬-১৭ বছৰৰ ৭৬ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে পূৰ্বতে নিশাদে ২০১৭ বৰ্ষত ৰাছিয়াৰ কাজাখাস্তানত অনুষ্ঠিত হোৱা এচিয়ান কাৰাটে প্ৰতিযোগিতাত কোৱাৰ্টাৰ ফাইনেললৈকে খেলিছিল যদিও কোৱাৰ্টাৰ ফাইনেলৰ পৰাই বিদায় ল’ব লগীয়া হৈছিল।

ফলত এইবাৰ জাপানত অনুষ্ঠিত হ’ব লগীয়া ২১ অনূৰ্ধ্ব এছিয়ান কাৰাটে প্ৰতিযোগিতাত সফলতা গ্ৰহণৰে ৰাজ্যখনলৈ সু-নাম কঢ়িয়াই অনাৰ উদ্দেশ্যৰে নিশাদে দৈনিক ৬ ঘণ্টাকৈ কঠোৰ অনুশীলন চালইছে বুলি নিশাদে জানিবলৈ দিয়ে।

ইফালে নিশাদৰ লগতে প্ৰতিযোগিতাখনলৈ নিৰ্বাচিত হৈছে ৰাজ্যখনৰ আন তিনিগৰাকী প্ৰতিভাৱান কিশোৰ। প্ৰতিযোগিতাখনৰ ১৩-১৪ বছৰ শাখালৈ নিৰ্বাচিত হোৱা কিশোৰ গাৰীক হৈছে ক্ৰমে যোৰহাটৰ কিশোৰী ইমন গগৈ আৰু গুৱাহাটীৰ জিতামৃত কাশ্যপ আৰু জ্যোতিস্মান কাশ্যপ।

মন কৰিবলগীয়া যে আৰ্থিক সংকটত ভূগিছে প্ৰতিযোগিতালৈ নিৰ্বাচিত নিশাদৰ পৰিয়ালটো। কোনোমতে পৰিয়াল পোহপাল দিয়া নিশাদৰ পিতৃয়ে নিশাদক জাপানলৈ পঠিয়াবৰ বাবে প্ৰয়োজনীয় অৰ্থ সংগ্ৰহ কৰা ক্ষেত্ৰত সংকটত ভূগিছে। ফলত নিশাদৰ পিতৃয়ে চৰকাৰক এই ক্ষেত্ৰত সাহায় কৰিবলৈ আহ্বান জনাইছে।

আনহাতে নিশাদ আলী অধ্যয়নৰত চেইণ্ট টেৰেছা ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ কৰ্তৃপক্ষ নিশাদৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে। লগতে নিশাদৰ সাফল্য কামনা কৰি বিদ্যালয়খনৰ চেয়াৰমেন ভেইৰো কুমাৰ শৰ্মাৰ নেতৃত্বত নিশাদক ১১ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে এক সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে নিশাদক এছিয়ান কাৰাটে প্ৰতিযোগিতাত সফলতা বুটলিবলৈ উৎসাহ যোগায়।