ৰাজ্যৰ প্ৰতিটো পৰিয়ালে ৩১ ডিচেম্বৰৰ ভিতৰত লাভ কৰিব বিদ্যুৎ সংযোগ : মুখ্য মন্ত্ৰী সোণোৱাল

মুখ্য মন্ত্ৰী

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে চৰাইদেউ জিলাৰ লাকুৱাৰ মাইবেলাত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে ৭০ মেগাৱাট শক্তি সম্পন্ন লাকুৱা পৰিবৰ্ত্ত শক্তি প্ৰকল্প উদ্বোধন কৰি ৰাইজৰ সেৱাত উৎসৰ্গিত কৰে।

উল্লেখোগ্য যে লাকুৱা পৰিবৰ্ত্ত শক্তি প্ৰকল্প ৱাৰ্টছিলা ইণ্ডিয়া প্ৰাইভেট লিমিটেড অসম শক্তি উৎপাদন কোম্পানী লিমিটেডৰ সহযোগত ৰূপায়ণ কৰিছে। আৰু এই শক্তি প্ৰকল্পই ৱাৰ্টছিলা প্ৰযুক্তিৰে পুৰণি গেছ টাৰৱাইন গোটক স্থানান্তৰ কৰিব।

পূৰ্বতে প্ৰাকৃতিক গেছৰ যেতিয়া নাটনি হৈছিল গেছ টাৰৱাইন গোটেৰে চলোৱা প্ৰকল্পটো আংশিকভাৱে চলাব লগা পৰিস্থিতি হৈছিল যদিও বৰ্তমান ৱাৰ্টছিলা প্ৰযুক্তিৰ জৰিয়তে চলিবলগীয়া এই শক্তি প্ৰকল্পই গেছ টাৰৱাইনেৰে চলোৱা প্ৰকল্পতকৈ অধিক কাৰ্যদক্ষভাৱে শক্তি উৎপাদন কৰিব।

প্ৰকল্প উদ্বোধন উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাকুৱা পৰিবৰ্ত্ত শক্তি প্ৰকল্প উদ্বোধনে ৰাজ্য চৰকাৰৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল হোৱা লক্ষ্য পূৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি কয়।

লগতে ৰাজ্যখনৰ প্ৰতিটো পৰিয়াললৈ বিদ্যুৎ সংযোগ প্ৰদানৰ লক্ষ্যৰ বিপৰীতে চৰকাৰে এতিয়ালৈকে ৪৪ লাখ পৰিয়াললৈ বিদ্যুৎ সংযোগ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি বাকী থকা পৰিয়াল সমূহক এই বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত বিদ্যুৎ সংযোগ প্ৰদান কৰা হ’ব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

 

আনহাতে অনুষ্ঠানত বক্তব্য ৰাখি শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈয়ে ৰাজ্যখনত অবিৰত বিদ্যুৎ যোগানৰ বাবে চৰকাৰে ৰূপায়ণ কৰিবলগীয়া বিভিন্ন শক্তি প্ৰকল্পৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাইও ভাষণ প্ৰদান কৰে।

অনুষ্ঠানত বিধায়কসকল ক্ৰমে যোগেন মোহন, চক্ৰধৰ গগৈ, কুশল দুৱৰী, অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধ্যক্ষ জিষ্ণু বৰুৱা, চৰাইদেউ জিলাৰ উপায়ুক্ত বিৱেকানন্দ ফুকন, শিৱসাগৰ জিলাৰ উপায়ুক্ত গোপাল ঝাৰকে ধৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।