ৰাজ্যৰ বানাক্ৰান্তৰ খবৰ নোলোৱাকৈয়ে ঘূৰি গ’ল অমিত শ্বাহ : প্ৰদেশ কংগ্ৰেছৰ ধিক্কাৰ

APCC_PressMeet

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা।

সোমবাৰে ৰাজ্যৰ ১৯খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিবলৈ দিনজোৰা কাৰ্যসূচী লৈ অসমলৈ অহা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ৰাজ্যৰ বান পৰিস্থিতিৰ লগতে বানাক্ৰান্তৰ খবৰ ল’বলৈ নোযোৱাক তীব্ৰ সমালোচনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।

মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয়, “যি বিজেপিয়ে অসমক ভালপোৱাৰ কথা কয়, অসমক উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ কথা কয়, সেই বিজেপিৰ সভাপতি অমিত শ্বাহে অসমলৈ আহি বানাক্ৰান্তৰ খবৰ লবলৈ আহৰি নহ’ল। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ইখনৰ পাছত সিখন মাৰাথন সভা কৰিলে। ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১২জন লোকৰ মৃত্যু হৈছে, কেইবাখনো জিলাৰ প্ৰায় ছয় লাখ লোক ক্ষতিগ্ৰস্ত হৈছে, কিন্তু সেইসকল লোকৰ এবাৰ খবৰ লবলৈ সময় উলিয়াব লোৱাৰিলে অমিত শ্বাহে।”

বৰাই লগতে অমিত শ্বাহক ৰাজ্যৰ বানপানীৰ কথা অৱগত কৰি পৰিস্থিতি পৰ্যৱেক্ষণ কৰোৱাৰ ব্যৱস্থা কৰিব নোৱৰা বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্য চৰকাৰকো সমোলোচনা কৰে।

ইয়াৰ উপৰি, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোৱা ‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশ্বাসত আমাৰ মনোবল বৃদ্ধি পাইছে’ বোলা কথাষাৰৰ উদ্ধৃতি দি ৰিপুণ বৰাই কয়, “নৰেন্দ্ৰ মোদীৰ আশ্বাসত সৰ্বানন্দ সোণোৱালৰহে মনোবল বৃদ্ধি পাইছে, কিন্তু অসমৰ ৰাইজৰ মনোবল বৃদ্ধি পোৱা নাই। অসমৰ ৰাইজ বানপানী, মূল্যবৃদ্ধি আদি সমস্যাৰে জুৰুলা হৈ পৰিছে।”

লগতে ২০১৭ চনৰ ১ আগষ্টত খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম চৰকাৰৰ মন্ত্ৰী আৰু বিষয়াসকলৰ সৈতে আলোচনা কৰি অসমৰ বান সমস্যাৰ বাবে দুহেজাৰ কোটি টকা ধ্যাৰ্য কৰিছিল কিন্তু মাত্ৰ ৪০ কোটি টকাহে মুকলি কৰি দিছে বুলি ৰিপুণ বৰাই মন্তব্য কৰে। আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে বাৰশ কোটি টকা ধাৰ্য কৰিছিল কিন্তু সেই টকা ক’ত গ’ল বুলিও বৰাই প্রশ্ন উত্থাপন কৰে। তেওঁ ব্ৰহ্মপুত্ৰত জৰীপ, খনন, বান নিয়ন্ত্ৰণ, আন্তঃগাঁথনি উন্নয়ন আদি বিজেপি চৰকাৰে কোৱা কথাবোৰ একো-একোটা ভুৱা আশ্বাসতহে পৰিণত হোৱা বুলি মন্তব্য কৰি ৰিপুণ বৰাই কয়, “এনে ধৰণৰ ভুৱা আশ্বাসত মুখ্য মন্ত্ৰী সোণোৱালক মনোবল বৃদ্ধি কৰাৰ পৰামৰ্শ আমি নিদিওঁ। তৎসত্ত্বেও যদি তেওঁৰ মনোবল বৃদ্ধি হৈছে তেতিয়া ই এক নুবুজা সাঁথৰ।”

ইয়াৰ উপৰি, ৰিপুণ বৰাই কয় যে অমিত শ্বাহে যোৱা দুটা বছৰত কেন্দ্ৰীয় চৰকাৰে অসমলৈ ১.৫৫ লাখ কোটি টকা দিছে বুলি কোৱাত আশ্চৰ্য প্ৰকাশ কৰে। তেওঁ কয়, “যদি ইমানখিনি টকা দিলেই তেনেহ’লে ৰাজ্যৰ ৰাস্তা-ঘাট, দলং আদিৰ অৱস্থা কিয় ইমান শোচনীয় হৈ আছে? এয়া গোকাট মিছা কথা। এইখন চৰকাৰে অসমৰ বিনাশৰ ৰাজনীতি কৰিছে।” তেওঁ লগতে এনে ধৰণৰ মিছা কথাত ভোল নাযাবলৈ ৰাইজক আহ্বান জনায়।

আনহাতে, একেখন সংবাদমেলতে সোমবাৰে চৰকাৰে ১৯খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপনৰ বাবে ‘ভূমি পূজন’ কৰা কাৰ্যৰো সমোলোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এই সন্দৰ্ভত ৰিপুণ বৰাই কয়, “অন্ধবিশ্বাস দূৰ কৰিবলৈ কোৱা চৰকাৰৰ এয়া এক অন্ধবিশ্বাসৰ নিদৰ্শন।” চৰকাৰেই যদি অন্ধবিশ্বাস এৰিব নোৱাৰে ৰাইজৰ মাজৰ পৰা অন্ধবিশ্বাস কেনেকৈ দূৰ কৰিব বুলি বৰাই মন্তব্য কৰে।