ৰাজ্যৰ বান-গৰাখহনীয়া সমস্যা সম্পৰ্কত মুখ্য মন্ত্ৰীৰে বৈঠক বিশ্ব বেংকৰ সঁজাতী দলৰ

মুখ্য মন্ত্ৰী

সোমবাৰে বিশ্ব বেংকৰ কাউণ্টি হেড জুনেইদ কামাল আহমেদৰ নেতৃত্বত অহা এটা সঁজাতী দলে মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ বান আৰু গৰাখহনীয়া সমস্যা নিৰাময়ৰ সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰে।

আলোচনাকালত মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰতিবছৰে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহে সৃষ্টি কৰা বান আৰু গৰাখহনীয়া সমস্যাই ৰাজ্যখনৰ বাবে এতিয়া এক প্ৰত্যাহ্বান হৈ পৰিছে আৰু বিশেষকৈ বাৰিষাকালত সৃষ্টি হোৱা অতিৰিক্ত পানীৰ উপযুক্ত পৰিচালনা কৰাটো আটাইতকৈ জৰুৰী বিষয় হৈ পৰিছে। লগতে সৰ্বানন্দই বিশ্ব বেংকৰ প্ৰতিনিধিবৰ্গক এই ক্ষেত্ৰত উপযুক্ত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায়।

আলোচনাৰ অন্তত বিশ্ব বেংকৰ কাউণ্ট্ৰি হেড জুনেইদ কামাল আহমেদে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহে সৃষ্টি কৰা সমস্যা সমাধানৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে উন্নত প্ৰযুক্তিৰ প্ৰয়োগেৰে নিৰাময়ৰ প্ৰচেষ্টা কৰা হ’ব বুলি কয়।

চীনৰ হোৱাংহো নদী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৃথিৱীৰ ক্ষেত্ৰতে আটাইতকৈ উন্নত নেডাৰলেণ্ডৰ প্ৰযুক্তি ব্যৱহাৰেৰে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিবেচনা কৰিব বুলিও বিশ্ব বেংকে কয়।

আনহাতে বিশ্ব বেংকে ৫ বছৰৰ বাবে বান আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে এক বিজ্ঞানসন্মত সংহত প্ৰকল্প প্ৰস্তুত কৰি ইয়াক ৰূপায়ণৰ দিশত ব্যৱস্থা ল’ব বুলি বিশ্ব বেংকৰ কাউণ্টি্ৰ হেড গৰাকীয়ে কয়।

আজিৰ উক্ত বৈঠকত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব ভি কে পিপাৰচেনীয়া, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়াৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া আৰু বিশ্ব বেংকৰ শীৰ্ষ বিষয়া সকলে অংশ গ্ৰহণ কৰে।