ৰাজ্যৰ সকলো যান-বাহনতে হাই ছিকিউৰিটি পঞ্জীয়ন ফলক লগোৱাটো বাধ্যতামূলক

HSRP

ৰাজ্যৰ যান-বাহনৰ গৰাকীসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ এটা খবৰ হ’ল- অহা ৩১ মে’ৰ পৰা ৰাজ্যৰ সকলো যান-বাহনৰ নম্বৰপ্লেইট উন্নীতকৰণ কৰা হ’ব হাই ছিকিউৰিটি পঞ্জীয়ন ফলকলৈ (High Security Registration Plates (HSRP))। এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে আজি গুৱাহাটীত অনুষ্ঠিত আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ এখন বৈঠকত। এই হাই ছিকিউৰিটি পঞ্জীয়ন ফলক বা নম্বৰ প্লেইট হ’ল ক্ৰমিয়ামৰ এবিধ হ’ল’গ্ৰাম, য’ত হট ষ্টাম্প মৰা থাকিব। এই ফলকবোৰত অশোক চক্ৰৰ লগতে এটা ১০ অংকৰ স্থায়ী পৰিচয়সূচক সংখ্যা (permanent identification number (PIN)) থাকিব, যাক চমুকৈ ‘পিন’ বুলি কোৱা হ’ব। এই নামফলকবোৰে গাড়ীৰ চুৰি ৰোধ কৰাত সহায় কৰিব বুলি কোৱা হৈছে।

সূত্ৰটোৱে কোৱা মতে, এইধৰণৰ নামফলক লগোৱাটো বাধ্যতামূলক আৰু ইয়াক উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশৰ আধাৰত কাৰ্য্যকৰী কৰাৰ আঁচনি লোৱা হৈছে।

মন কৰিব লগীয়া যে কেন্দ্ৰীয় চৰকাৰেও উচ্চতম ন্যায়ালয়ৰ উক্ত নিৰ্দেশটোৰ আধাৰত যোৱা ফেব্ৰুৱাৰি মাহত এই সম্পৰ্কীয় এটা নিৰ্দেশনা জাৰি কৰিছিল।

আনহাতে আজিৰ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ বৈঠকখনে এই প্ৰক্ৰিয়াটো ৩১ মে’ৰ পৰা আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়াৰ লগতে ১৫ বছৰ পুৰণি গাড়ীবোৰৰ ক্ষেত্ৰত কঠোৰ হোৱাৰো ইংগিত দিয়ে। সূত্ৰটোৱে জনোৱামতে, ১৫ বছৰ বা তাৰ অধিক পুৰণি সকলো যান-বাহনৰ চলাচল মহানগৰীত বন্ধ কৰা হ’ব।

ইফালে স্কুল বাছবিলাকে লাভ কৰি থকা শিথিলতাতো এই বৈঠকে চকু দিছে। বৈঠকত সিদ্ধান্ত হোৱা মতে, চৰকাৰী-বেচৰকাৰী সকলো স্কুলবাছৰে পাৰ্মিট থাকিবই লাগিব। ফাৰ্ষ্ট এইড আদিৰ যাৱতীয় সুবিধা নথকা স্কুল বাছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।