NORTHEAST NOW (Assamese)

আজি ৰাজ্যৰ সকলো শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলাবন্ধ কাৰ্যসূচী প্ৰাথমিক শিক্ষক সন্মিলনৰ 

June 18, 2018 9:56 am · এন ই নাও নিউজ
Updated: June 18, 2018 9:57 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

আজি ৰাজ্যখনৰ জিলা, মহকুমা আৰু খণ্ড পৰ্যায়ৰ সকলো শিক্ষা বিষয়াৰ কাৰ্যালয়ত ওলমিব প্ৰকাণ্ড তলা। ৰাজ্যৰ লক্ষাধিক প্ৰাথমিক শিক্ষকে দীৰ্ঘদিন ধৰি কৰি অহা বিভিন্ন দাবীসমূহ চৰকাৰে পূৰণ নকৰাৰ বাবেই তেওঁলোকে আজি তলাবন্ধ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিব।

অসম ৰাজ্যিক প্ৰাথমিক সন্মিলনৰ সভাপতি জীৱন চন্দ্ৰ বৰা আৰু ৰাতুল চন্দ্ৰ গোস্বামীয়ে দেওবাৰে এক সংবাদমেল আয়োজন কৰি কয় যে সপ্তম দৰমহা বিধি প্ৰকাশ হোৱাৰে পৰা ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে এই বিষয়টোক একাষৰীয়া কৰি থৈছে। তেওঁলোকে আৰু কয় যে আসোঁৱাহ নিৰাময় সমিতিৰ নামত চতুৰ্থ, পঞ্চম, ষষ্ঠ আৰু সপ্তম দৰমহা বিধিয়ে একত্ৰিত কৰি ৰখা প্ৰাথমিক শিক্ষকৰ মাজত ভাগ ভাগ কৰিছে।

আনহাতে সপ্তম দৰমহা বিধিয়ে দিয়া স্নাতক শিক্ষকৰ ৮,৭০০ টকাৰ গ্ৰেড পে অৱনমিত কৰাটো অতি দুৰ্ভাগ্যজনক আৰু এয়া কোনোপধ্যে মানি লোৱা নহ’ব বুলিও সন্মিলনৰ সভাপতি-সম্পাদকে সদৰী কৰে।

উল্লেখ্য যে যোৱা ৬ জুনত ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলে গ্ৰেড পেকে ধৰি সকলো ধৰণৰ সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত ৰাজ্যজুৰি ক’লাবেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। সন্মিলনীয়ে ৭ জুনত মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতো ৰাজ্য চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে।

‘দ্বিতীয় মূল্যায়নৰ সময় হোৱা বাবে আমি সাময়িক ভাৱে এদিনীয়া তলা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিছো। কিন্তু মূল্যায়ন সমাপ্ত হোৱাৰ পাছত প্ৰয়োজন হ’লে কৰ্মবিৰতি কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ম’।

উল্লেখ্য যে স্নাতক শিক্ষকৰ ৮,৭০০ টকাৰ গ্ৰেড পে আদায় দিয়া, ঠিকাভিত্তিক শিক্ষক বিনাচৰ্তে নিয়মীয়া কৰা, বিগত বৰ্ষৰ বৃত্তি পৰীক্ষা আজি ছমাহ পাছতো অনুষ্ঠিত নোহোৱা তাৰ তদন্ত কৰা, শৈক্ষিক দিনপঞ্জী আজিও কিয় অধিকাংশ বিদ্যালয়ে লাভ কৰা নাই তাৰ বিচাৰ কৰা আদি বিভিন্ন দাবীত আজি প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৰাজ্যজুৰি তলাবন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিব।

Related News