ৰাজ্য চৰকাৰক বাহিৰা শক্তিয়ে অস্থিৰ কৰিব বিচাৰি আছে : মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

Chandra-Mohan-Patowary-adressing-media-persons-at-Dispur-on-Thursday.-UB-3-570x320

মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী : ফাইল ফটো

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰক এক বাহিৰা শক্তিয়ে অস্থিৰ কৰি তোলাৰ বাবে ষড়যন্ত্ৰত নামি পৰিছে।এইক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে কংগ্ৰেছ দলে। আজি বৰপেটাত ঔদ্যোগীক আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই অভিযোগ উত্থাপন কৰে।

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অংশ হিচাপে নলবাৰীৰ ধৰ্মপুৰ সমষ্টিত অনুষ্ঠিত হ’বলগা মহিলা সমাৰোহৰ এক প্ৰস্তুতি সভাত অংশ গ্ৰহণ কৰিবলৈ আহি মন্ত্ৰী গৰাকীয়ে বৰপেটাত কয় যে, সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে প্ৰথমৰ পৰাই দুৰ্নীতিৰ বিৰুদ্ধে এক শক্তিশালী স্থিতি গ্ৰহণ কৰিছে।

চৰকাৰখনে ৰাজ্যখনক উন্নয়নৰ পথত আগুৱাই নিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, অসমক দেশৰ ভিতৰতে ৫খন উন্নয়নশীল ৰাজ্যৰ ভিতৰত অন্যতম ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰখনে অহোপুৰুষাৰ্থ কৰিছে।

কৃষকসকলৰ উন্নয়ন, শিক্ষিত নিবনুৱাসকলৰ সংস্থাপন আদিকে ধৰি বিভিন্ন আঁচনি ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, পূৰ্বৰ চৰকাৰৰ তুলনাত বৰ্তমান বহু পৰিমাণে দুৰ্নীতি হ্ৰাস পাইছে।

চৰকাৰখনৰ জনপ্ৰিয়তাক বাধাগ্ৰস্ত কৰাৰ লগতে নিজৰ ন্যস্ত স্বাৰ্থ জড়িত ৰাজনৈতিক আশা-আকাংক্ষা পূৰণ কৰাৰ বাবে এক বাহিৰা শক্তিয়ে চৰকাৰখনক অস্থিৰ কৰি তোলাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলিও মন্ত্ৰী গৰাকীয়ে অভিযোগ কৰে। এইক্ষেত্ৰত কংগ্ৰেছ দলে চৰকাৰখনক অস্থিৰ কৰি ৰাজনৈতিক মুনাফা আদায়ৰ বাবে অহৰহ চেষ্টা চলাই আহিছে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

তেওঁ কয় যে, ৰাজ্যখনৰ অন্য ৰাজনৈতিক দলসমূহৰ বিৰোধী আসনত বহাৰ মানসিকতা আছে যদিও একমাত্ৰ কংগ্ৰেছ দলৰ এই মানসিকতা নাই। ক্ষমতাত অধিষ্ঠিত হ’বলৈ নাপালে কংগ্ৰেছ দল অস্থিৰ হৈ পৰে বুলি উল্লেখ কৰি তেওঁ কয় যে, ক্ষমতা লাভ নকৰাৰ অস্থিৰতাৰ বাবেই চৰকাৰক বিভিন্ন প্ৰকাৰে অস্থিৰ কৰিব বিচাৰে কংগ্ৰেছ দলে।

আনহাতে, কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত নীলোৎপল-অভিজিতৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই ঘটনাক তীব্ৰ নিন্দা কৰে। এই ঘটনা সন্দৰ্ভত চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এই ঘটনাৰ লগত জড়িত ভালেসংখ্যক অভিযুক্তক আটক কৰাৰ লগতে মূল অভিযুক্তকো আটক কৰা হৈছে।

আনহাতে, চ’ছিয়েল মিডিয়াৰ জৰিয়তে উৰাবাতৰি বিয়পোৱা সকলৰ ওপৰতো প্ৰশাসনে চকু ৰাখিছে আৰু এইক্ষেত্ৰত ভালেকেইজনক আটক কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। নীলোৎপল-অভিজিতৰ হত্যাকাণ্ডৰ লগত জড়িত কোনো দোষীয়ে হাত সাৰি যাব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি দোষীক দৃষ্টামূলক শাস্তি দিয়া হ’ব বুলিও কয়।

উল্লেখযোগ্য যে, ১৯ জুনত নলবাৰীৰ ধৰ্মপুৰ সমষ্টিত অনুষ্ঠিত হ’বলগা মহিলা সমাৰোহৰ প্ৰস্তুতি হিচাপে আজি বৰপেটাৰ বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত এই  সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশ গ্ৰহণ কৰাৰ লগতে অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া, অসম ৰাজ্যিক বিজেপিৰ সম্পাদিকা জানকী গোস্বামী, বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাস, অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাস, জিলাৰ সাধাৰণ সম্পাদক নৱ কুমাৰ দাসৰ লগতে অন্যান্য নেতৃবৃন্দ আৰু মহিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিল।