ৰাজ্য চৰকাৰে বাতিল কৰিলে ৪ লাখ ভুৱা জৱকাৰ্ড

ৰাজ্যখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক স্বচ্ছ আৰু দুৰ্নীতি কৰাৰ পদক্ষেপ হিচাপে বিভাগটোৱে জৰীপ চলাই ৪ লাখ ভুৱা জবকাৰ্ডৰ গৰাকীক চিনাক্ত কৰি তেওঁলোকৰ কাৰ্ড সমূহ বাতিল কৰে। আনহাতে পূৰ্বতে জবকাৰ্ডপ্ৰাপ্ত ব্যক্তি সকলে প্ৰাপ্য ধন লাভ কৰাত বিলম্ব হৈছিল যদিও বৰ্তমান বিভাগে লোৱা পদক্ষেপৰ ফলত কম সময়ৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হৈছে। এই কথা আজি জনতা ভৱনত মুখ্য মন্ত্ৰীৰ সভাকক্ষত হোৱা এক বৈঠকত পঞ্চায়ত আৰু গ্ৰমোন্নয়ন বিভাগৰ শীৰ্ষ বিষয়া সকলে অৱগত কৰে।

বৈঠকত বিভাগটোৱে যোৱা বিত্তীয় বৰ্ষত ২০৭৬২ টা আত্মসহায়ক গোট গঠন কৰাৰ বিপৰীতে ২০১৭-১৮ বিত্তীয় বৰ্ষৰ জানুৱাৰী পৰ্যন্ত ৮৭,২৯৯ টা আত্মসহায়ক গোট গঠন কৰা হয় বুলি অৱগত কৰে। লগতে বিভাগটোৱে দীনদয়াল উপাদ্যায় গ্ৰাম কৌশল যোজনাৰ অধীনত ১৯ টা নতুন ট্ৰেড কেন্দ্ৰ সমূহত অন্তৰ্ভুক্ত কৰা হয় বুলিও অৱগত কৰে।

আনহাতে আজিৰ বৈঠকতে আমাৰ গাঁও আঁচনি সম্পৰ্কে আলোচনা কৰা হয়।

বৈঠকত পৌৰহিত্য কৰি মুখ্য মন্ত্ৰীয়ে গাঁও অঞ্চলৰ পৰ্যটন উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰি গাঁও সমূহ পৰিষ্কাৰ-পৰিচ্ছনা ৰখাত বিভাটোৰ তৃণমূল পৰ্যায়ৰ পৰা দৃঢ় ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশ দিয়ে। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে আঁচনিসমূহ গুণগত মানদণ্ডৰে কৰা গাওঁ সমূহক ৰাজ্যিক ভিত্তিত পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰাবলৈও নিৰ্দেশ দিয়ে।

আজিৰ বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত সচিব জে বি এক্কা প্ৰমুখ্যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত আছিল।