NORTHEAST NOW (Assamese)

ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবেই ৰাকেশ পালৰ বিৰুদ্ধে চি বি আই তদন্ত খৰতকীয়া হোৱা নাই : অখিল গগৈ

April 14, 2018 6:47 am · কল্পজ্যোতি শইকীয়া

‘বৰ্তমানলৈকে ৩৬ গৰাকী এ পি এছ চি কেলেংকাৰীত জৰিত বিষয়াক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানো বহু বিষয়া জালত পৰিবলৈ বাকী আছে। আনহাতে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত ৰাকেশ পালৰ বিৰুদ্ধে তদন্ত চলোৱাত বাধা আৰোপ কৰিছে।  যোৱা ২২ মাৰ্চত উচ্চতম ন্যায়ালয়ে গুৱাহাটী হাইকৰ্টে দিয়া নিৰ্দেশ অনুসৰি ৰাকেশ পালৰ সম্পত্তিৰ ওপৰত চি বি আই তদন্ত চলাই যাবলৈ সেউজ সংকেত প্ৰদান কৰাৰ পিছতো অসম চৰকাৰে অলপমানো আগ্ৰহ প্ৰকাশ কৰা নাই,’’-’ শুকুৰবাৰে  সংবাদমেলত  তথ্য দাঙি ধৰি কৃষক নেতা অখিল গগৈয়ে অসম চৰকাৰৰ প্ৰতি এই গুৰুতৰ অভিযোগ আনে।

অখিলৰ মতে ‘‘যোৱা ২২ মাৰ্চ তাৰিখে ৰাকেশ পাল বনাম অখিল গগৈ আপিল(চিভিল) নং (এছ)-৩১২২০/২০১৫ গোচৰত উচ্চতম ন্যায়ালয়ে ৰাকেশ পালৰ বিৰুদ্ধে দিয়া ৰায়ে তদন্তৰ প্ৰসাৰতা আৰু গভীৰতা সন্দৰ্ভত আশাৰ সঞ্চাৰ কৰিছে বুলি উল্লেখ আছিল। মই গুৱাহাটী উচ্চ ন্যায়ালয়ত এপিএছচি আৰু ৰাকেশ পালৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত তৰা গোচৰ নং ৪৮/২০১৫ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে ৰাকেশ পালৰ সম্পত্তিৰ বিৰুদ্ধে চি বি আই তদন্ত ঘোষণা কৰিছিল। কিন্তু ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবে ৰাকেশ পালৰ বিৰুদ্ধে চি বি আই তদন্ত খৰতকীয়া হোৱা নাই।‘

‘‘ডিব্ৰুগড় আৰক্ষীৰ তদন্ত ৰাজনৈতিক পৃষ্ঠপোষকতাৰে কৰা আংশিক, ৰাজনৈতিক চমকযুক্ত হোৱাৰ বিপৰীতে বৰ্তমানলৈকে গুৰুত্বসহকাৰে তদন্ত  কৰা নাই। সুৰজিৎ সিং পানেশ্বৰ ডাঙৰীয়া, আপুনি যদি প্ৰকৃততে সৎ-সাহসী আৰক্ষী বিষয়া, তেন্তে আপোনাৰ তদন্তই এতিয়ালৈকে কোনো ৰাজনৈতিক বিষয়াৰ ওচৰ চাপিব পৰা নাই কিয়? কংগ্ৰেছ চৰকাৰৰ দিনত এপিএছচিৰ নিযুক্তি তালিকাখনেই ভুৱা আছিল। এইসকল গ্ৰেপ্তাৰ হোৱা দুই নম্বৰী বিষয়াক চাকৰি দি লাখ-লাখ যোগ্যতাসম্পন্ন পৰীক্ষাৰ্থীৰ জীৱন বৰবাদ কৰা নাই নে? যদি প্ৰকৃততে আপুনি সৎ সাহসী বিষয়া হয় তেন্তে সেই সময়ত নিযুক্তি পোৱা সকলোৰে চাকৰি বাতিল কৰি দিবৰ বাবে সাহস হোৱা নাই কিয়? নে হিন্দু বাংলাদেশীৰ প্ৰসংগ আহিলেই আপুনি কেইগৰাকীমান বিষয়াক গ্ৰেপ্তাৰ কৰি ইচ্ছ্যুটো ফালৰি কাটিব বিচাৰে? নে আপুনি সৰ্বানন্দ সোণোৱালৰ কেলেংকাৰীৰ চৰম অংশীদাৰ হৈ পৰিছে?,’’ –এনেদৰেই সংবাদমেলখনত ডিব্ৰুগড়ৰ আৰক্ষী বিষয়া  সুৰজিৎ সিং পানেশ্বৰক প্ৰশ্ন কৰে অখিল গগৈয়ে।

কংগ্ৰেছ চৰকাৰৰ দিনতে দুৰ্নীতিত লিপ্ত হৈ চাকৰি লোৱা এ পি এছ এ চি এছ বিষয়াসকলকহে বিজেপি চৰকাৰে গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ তুলি অখিলে কয়, ‘’প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তালিকা হোৱা বাবেই হয়তো বৰ্তমানলৈকে গুৰুজ্যোতি দাসৰ পত্নীকে ধৰি পাঁচ আত্মীয়ক গ্ৰেপ্তাৰ কৰা হোৱা নাই। বিশেষকৈ এ পি এছ চি কেলেংকাৰীৰ তথ্য প্ৰমাণ মজুত থকাৰ পিছতো তথা যুক্তিসিদ্ধভাবে প্ৰমাণিত হোৱাৰ পিছতো বক্ৰপথেৰে এপিএছচি চাকৰি লোৱা প্ৰভাৱশালী নেতাৰ আত্মীয়ক গ্ৰেপ্তাৰ কৰাটো বাদেই তদন্তৰ আওতালৈ নোহোৱাটোত আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছো।‘’

আনহাতে, সুমিত্ৰা পাটিৰে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ বাবেই তেখেতৰ দুই পুত্ৰ-বোৱাৰী তদন্তৰ পৰা হাত সাৰি আছে বুলিও কৃষক নেতাগৰাকীয়ে দাবী কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে তদন্তকাৰী বিষয়াই তদন্ত কৰি ৰাকেশ পালৰ এটাও সম্পত্তি কিহৰ বাবে জব্দ কৰিব পৰা নাই আৰু সম্পত্তিৰ তালিকা এখন বৰ্তমানলৈকে তৈয়াৰ কৰিব পৰা নাই বুলিও অখিলে সংবাদমেলত প্ৰশ্ন কৰে।

Related News