NORTHEAST NOW (Assamese)

ৰাধাগোবিন্দ বৰুৱা আছু গ’ল্ড কাপ প্ৰতিযোগিতা অহা ১৫ ডিচেম্বৰৰ পৰা

December 14, 2017 2:28 pm · ৰাজীৱ দত্ত

যোৱা কেইবছৰৰ দৰে এই বছৰো অহা ১৫ ডিচেম্বৰৰ পৰা ৰাধাগোবিন্দ বৰুৱা আছু গ’ল্ড কাপ আন্তঃজিলা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। চাৰিদিন ধৰি চলিব লগীয়া এই প্ৰতিযোগিতাখনৰ ফাইনেলখন অনুষ্ঠিত হ’ব অহা ১৮ ডিচেম্বৰত। উদ্বোধনী খেলখন গড়গাওঁ মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব বুলি আয়োজকে জানিবলৈ দিয়ে। আন বিলাক খেল নাজিৰা, দৰিকা নগৰ, মাউত গাওঁ, টেঙাপুখুৰী, বেতবাৰী আৰু দৰবাৰ ফিল্ডত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখন শিৱসাগৰ আছুৰ দ্বাৰা বিভিন্ন আঞ্চলিক শাখাৰ সহযোগত অনুষ্ঠিত কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ছাত্ৰ সংগঠনটোৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সম্পাদক লুৰিণজ্যোতি গগৈ উপস্থিত থাকিব বুলি আয়োজকে আমাক জানিবলৈ দিছে। আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যও উপস্থিত থাকি ৰাধাগোবিন্দ বৰুৱাৰ স্মৃতি তৰ্পণ কৰাৰ কথা। আনহাতে উদ্বোধনী অনুষ্ঠানটোত অৰ্জুন ভোগেশ্বৰ বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আৰু লগতে শিৱসাগৰৰ উপায়ুক্ত নাৰায়ণ মেলুং কোঁৱৰ আৰু অ’ এন জি চিৰ কাৰ্য্যবাহী সঞ্চালক তথা অসম সম্পদৰ এছেট মেনেজাৰ সুৰেশ ডি মাস্কে বিশেষ অতিথি হিচাপে উপস্থিত থকাৰ কথা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, আটাছুৰ সভাপতি আৰু সম্পাদক ক্ৰমে লিটুল বুৰাগোহাঁই আৰু পৱন বেদিয়া অতিথি হিচাপে আমন্ত্ৰিত হোৱা বুলি জানিব পৰা গৈছে। এই উপলক্ষে উদ্বোধনী অনুষ্ঠানটোতে এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ দিহা কৰা হৈছে বুলিও আয়োজকৰ তৰফৰ পৰা আমাক জানিবলৈ দিছে, যিখন উন্মোচন কৰিব ইতিহাসবিদ তথা গড়গাওঁ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দিলীপ বুঢ়াগোহাঁয়ে। কাৰ্য্যসূচীটোত আন্তঃৰ্জাতিক খ্যাতি সম্পন্ন হৰকান্ত বুঢ়াগোহাঁই আৰু বিশ্ব মহিলা যুৱ বক্সিং চেম্পিয়ন অংকুশিতা বড়োও উপস্থিত থাকিব।

Related News