NORTHEAST NOW (Assamese)

ৰাফেল যুঁজাৰু বিমানৰ ছেটেলাইট নেভিগেইশ্যন ছিষ্টেমলৈ অসম জীয়ৰী প্ৰিয়ংকাৰ অৱদান

April 2, 2018 5:00 pm ·
Updated: April 2, 2018 5:01 pm

ধেমাজিৰ প্ৰিয়ংকা দাসে ৰাফেল যুঁজাৰু বিমানৰ ছেটেলাইট নেভিগেইশ্যন ব্যৱস্থাৰ বিকাশ সাধন কৰা প্ৰযুক্তিবিদৰ দলটোৰ অন্যতম সদস্য হিচাপে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। অসমৰ এই গৰাকী জীয়ৰীয়ে ভাৰতীয় বায়ুসেনাই ব্যৱহাৰ কৰা অত্যাধুনিক যুঁজাৰু বিমান ৰাফেলৰ ছেটেলাইট নেভিগেইশ্যন ছিষ্টেমৰ বিকাশ সাধন কৰাত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে।

উল্লেখযোগ্য যে ৰাফেল যুঁজাৰু বিমানৰ ইঞ্জিন আৰু কিছু কিছু  অংশ ছাফ্ৰন ইলেক্ট্ৰনিক্স নামৰ কোম্পানীটোৱে যোগান ধৰে। ছাফ্ৰনৰ যোগ দিয়াৰ পূৰ্বেই প্ৰিয়ংকা আৰু তেওঁৰ অভিযন্তাৰ দলটোৱে পেৰিছত এটা ক্ষুদ্ৰ ছেটেলাইট নিৰ্মাণ কৰি উলিয়াইছিল। এই একেই ছেটেলাইট এটা থাৰ্মোস্ফেয়াৰৰ ওপৰত অধ্যয়ন কৰাৰ বাবে২০১৭ চনত এটলাছ-ভি ৰকেটেৰে মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল।

গৰ্বিত প্ৰিয়ংকাই কৈছে, ‘ হয়, মহাকাশৰ ক’ৰবাত মোৰ এটা অৱদান আছে।‘ বৰ্তমান প্ৰিয়ংকাই ছাফ্ৰন ইলেক্ট্ৰনিক্স আৰু ডিফেন্সত চাকৰি কৰি আছে। এই কোম্পানিটোৰ প্ৰধান কাৰ্যালয়  ফ্ৰান্সত। বৰ্তমান প্ৰিয়ংকাই ফ্ৰান্সৰ টুলুজত থকা মহাকাশ অভিযান্ত্ৰিকৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান আই এছ এ ই-ছুপেইৰ’ত  (উড়ণবিদ্যা আৰু মহাকাশৰ ৰাষ্ট্ৰীয় উচ্চ শিক্ষা প্ৰতিষ্ঠান ) পি এইচ ডি কৰি আছে। এই প্ৰতিষ্ঠানটো ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে চোৱা-চিতা কৰে।

প্ৰিয়ংকাৰ গৱেষণাৰ বিষয় হৈছে মানৱ-নিৰ্মিত উপগ্ৰহৰ যথাৰ্থ স্থান নিৰূপণ আৰু চালনা।

নিজৰ গৱেষণাৰ বিষয়ে প্ৰিয়ংকাই কয় যে তেওঁৰ গৱেষণাই স্বয়ংচালিত বাহনৰ প্ৰযুকতইক এটা নতুন দিশ দিব। প্ৰিয়ংকাই আৰু কয় যে যেতিয়া তেওঁ ছেন্ট ষ্টিফেন্স কলেজত পঢ়ি আছিল তেতিয়াই তেওঁৰ মনত মহাকাশ বিজ্ঞানী হোৱাৰ সপোনটো অংকুৰিত হৈছিল। তেওঁক প্ৰেৰণা যোগাইছিল পদাৰ্থ বিজ্ঞানৰ অধ্যাপক ড০ বিক্ৰম ফুকনে।

ফ্ৰান্সৰ মহাকাশ সংস্থা চি এন ই এছে আয়োজন কৰা ‘একুৱাণ্টিন স্পেছ’ প্ৰতিযোগিতাটো তেওঁ অৱতীৰ্ণ হৈছিল আৰু ফ্ৰান্সৰ ভিতৰত ৫ম আৰু পেৰিছৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল। সমগ্ৰ বিশ্বৰে ৩২ গৰাকী যুৱ বিজ্ঞানীৰ কেলটেক মহাকাশ প্ৰত্যাহ্বানটো চেওঁ নিৰ্বাচিত হৈছিল।

ৰাফেল যুঁজাৰু বিমানৰ নেভিগেইশ্যন ছিষ্টেমত তেওঁৰ অসামান্য বৰঙণিৰ বাবে প্ৰিয়ংকাক ফ্ৰেন্স শেহতীয়াকৈ চৰকাৰে দেশখনৰ নাগৰিকত্ব প্ৰদান কৰিছে।

পদাৰ্থ বিজ্ঞানত সন্মানসহ প্ৰিয়ংকাই দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ছেণ্ট ষ্টিফেন কলেজৰ পৰা স্নাতক উত্তীৰ্ণ হৈছিল। তাৰ পৰাই তেওঁৰ মহাকাশ বিজ্ঞানৰ বিদ্যায়তনিক যাত্ৰা আৰম্ভ হয়।

তাৰ পাছত তেওঁ ইকোলে পলিটেকনিকত ৪ বছৰীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰে। এই ৪ বছৰীয়া পাঠ্যক্ৰমত ৩ বছৰৰ আভিযান্ত্ৰিক ডিগ্ৰী আৰু এবছৰীয়া  ইকোলে পলিটেকনিক ডিপ্লমা প্ৰদান কৰা হয়। তেওঁৰ তৃতীয় বৰ্ষৰ বিশেষীকৃত বিষয় আছিল ডাটা ছাইন্স।

পাঠ্যক্ৰমৰ ৪ৰ্থ বছৰত তেওঁ স্বয়ংক্ৰিয় ব্যৱস্থা আৰু ডাটা ছাইন্সক বিশেষ বিষয় হিচাপে লৈ মহাকাশ অভিযান্ত্ৰিকবিদ্যাত  দ্বৈত স্নাতকোত্তৰ অধ্যয়নৰ বাবে আই এছ এ ই-ছুপেইৰ’ত নামভৰ্তি কৰে।

Related News