NORTHEAST NOW (Assamese)

ৰাম মাধৱৰ বক্তব্যই স্পষ্ট কৰিছে বিজেপিয়ে গৃহীত কৰিব নাগৰিকত্ব বিধেয়ক : এ আই ইউ ডি এফ

May 15, 2018 11:30 pm · কল্পজ্যোতি শইকীয়া

নাগৰিকত্ব সংশোধন বিধেয়ক ( Citizenship Amendment Bill ) বিৰোধিতা আৰু এন আৰ চি সন্দৰ্ভত এ আই দি ইউ এফে আজি ১৫ মে’ত এক সংবাদ মেল আয়োজন কৰে।

‘বিজেপিৰ অসমৰ দায়িত্বত থকা ৰাম মাধৱে অসম জ্বলিলেও, অসমত প্ৰতিবাদ হ’লেও এই বিল পাছ কৰা হ’ব বুলি কোৱা কথাষাৰৰ উদ্দেশ্য প্ৰকৃততে কি?’ বুলি প্ৰশ্ন কৰি সংবাদমেলখনত এ আই ইউ দি এফৰ নেতা আমিনুল ইছলামে দাবী কৰে যে এই কথাই স্পষ্ট কৰিছে বিজেপিয়ে এই বিল যেনে-তেনে হ’লেও পাছ কৰিব আৰু সেয়ে ৰাম মাধৱে এনে মন্তব্য দিয়াৰ পিছতো সৰ্বানন্দ সোণোৱালকে ধৰি অন্য নেতাসকলে এই কথাৰ বিৰোধ নকৰিলে।

ইছলামে কয় যে ‘যদিও মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ সংবাদ মাধ্যমৰ মুখ্য সম্পাদকসকলক লৈ এখন আলোচনাত মিলিত হৈ কৈছিল যে অসম বিৰোধী কাম তেওঁ নকৰে। কিন্তু এটা কথা স্পষ্ট যে তেওঁৰ দলৰে ৰঞ্জিত দাসৰ বক্তব্য বেলেগ, ড০ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য বেলেগ।’

বিধেয়কখনক লৈ ‘অগপৰ স্থিতি সন্দেহজনক’ বুলিও তেওঁ মন্তব্য কৰে।

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে আছুকে ধৰি সকলো দল-সংগঠনকে ঐক্যবদ্ধ হোৱাৰ বাবেও এ আই ইউ ডি এফে আহ্বান জনাইছে।

লামডিঙৰ বিহুত চ’চিয়েল মিডিয়াৰ জৰিয়তে জুবিন গাৰ্গৰ অনুষ্ঠান বৰ্জন আৰু অসমীয়া জাতি ধ্বংস কৰাৰ কথাত ‘সেইসকলৰ এই জাতিধ্বংশী প্ৰক্ৰিয়াক এ আই ইউ ডি এফে কোনোপধ্যে মানি ল’ব নোৱাৰো’ বুলি নেতাজনে মত প্ৰকাশ কৰে।

ডব্লিউ পি চি ৩৬০/২০১৭ ধাৰাত আখতাৰা খাতুনৰ নামৰ মহিলাগৰাকীৰ গোচৰৰ উল্লেখ কৰি এন আৰ চি উন্নীতকৰণত হোৱা খেলিমেলি সন্দৰ্ভত দলটোৱে উচ্চতম ন্যায়ালয়ত অনতিপলমে এক আবেদন জনাব বুলিও সদৰী কৰে।

অহা ২১ মে’ত এ আই ইউ ডি এফে মহকুমাধিপতি আৰু জিলা উপায়ুক্তক সাক্ষাৎ কৰি ক’লা বেজ পৰিধান কৰি এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰিব।

Related News