ৰাষ্ট্ৰপতিৰ পৰা শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল বঁটা গ্ৰহণ ‘ভিলেজ ৰকষ্টাৰ্ছ’খ্যাত পৰিচালক ৰীমা দাসৰ

rima

‘ভিলেজ ৰকষ্টাৰ্ছ’ চলচ্চিত্ৰৰ জৰিয়তে অসমলৈ গৌৰৱ কঢ়িয়াই অনা খ্যাতিসম্পন্ন পৰিচালক ৰীমা দাসে বৃহস্পতিবাৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা গ্ৰহণ কৰিলে শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল বঁটা।

উল্লেখযোগ্য যে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত ৬৫ সংখ্যক ৰাষ্ট্ৰীয় বঁটা প্ৰদান সমাৰোহত অসমীয়া পৰিচালক দাসে আনুষ্ঠানিকভাৱে এই সন্মান গ্ৰহণ কৰে।

একেটা অনুষ্ঠানতে ‘ভিলেজ ৰকষ্টাৰ্ছ’ত কৰা অভিনয়ৰ বাবে ভনিতা দাসে শ্ৰেষ্ঠ শিশু শিল্পীৰ বঁটা গ্ৰহণ কৰে।

উল্লেখ নিষ্প্ৰয়োজন যে এজনী সৰু ছোৱালীৰ ডাঙৰ সপোনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা ভিলেজ ৰ’কষ্টাৰ ৰীমা দাসৰ এখন বহুচৰ্চিত ছবি। দহ বছৰীয়া ধুনুৰ নিজৰ এটা ৰ’কবেণ্ড গঠনৰ ইচ্ছাক সহযোগ কৰিছিল ল’ৰাৰ এটা দলে আৰু আছিল তাইৰ বিধৱা মাকৰ পৰা পোৱা অফুৰন্ত উৎসাহে এইক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল। চলচ্চিত্ৰখনে ৰাষ্ট্ৰীয় সন্মান লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

আনহাতে একেটা অনুষ্ঠানতে ‘ইশ্বু’ৰ বাবে অসমৰ বিশিষ্ট  ছবি পৰিচালক উৎপল বৰপূজাৰীয়েও আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল  বঁটা গ্ৰহণ কৰে।

মনকৰিবলগীয়া যে ৬৫ সংখ্যক ৰাষ্ট্ৰীয় বঁটা প্ৰদান সমাৰোহত ৰাষ্ট্ৰপতিয়ে কেৱল ১১ গৰাকীক বঁটা প্ৰদান কৰাক লৈ এক অবাঞ্চিত পৰিশ্থিতিৰ সৃষ্টি হয়। প্ৰায় ৬৫ গৰাকীয়ে ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ বিৰোধীতা কৰি বঁটা প্ৰদান অনুষ্ঠানটো বৰ্জন কৰে।

অৱশ্যে অন্যান্য সকলক কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী আৰু ৰাজ্যবৰ্ধন সিং ৰাথোড়ে বঁটা সমূহ প্ৰদান কৰে।