NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰপতি হৈ প্ৰথমবাৰৰ বাবে অসমত ভৰি দিলে কোবিন্দে

November 19, 2017 10:23 am · এন ই নাও নিউজ ব্যুৰো, ইটানগৰ :
Updated: November 19, 2017 10:24 am

উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যলৈ চাৰি দিনীয়া ভ্ৰমণ কাৰ্য্যসূচী লৈ অহা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আজি পুৱাই লখিমপুৰ লীলাবাৰী বিমানবন্দৰত উপস্থিত হয়। তাৰ পাছতে তেওঁ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে অৰুণাচলৰ ইটানগৰৰ অভিমুখে ৰাওনা হয়। তাত তেওঁ স্বামী বিবেকানন্দ কেন্দ্ৰৰ ৪০ বছৰ পূৰ্ণ হোৱা উদ্দেশ্যে অনুষ্ঠিত এটা অনুষ্ঠানত অংশ গ্ৰহণ কৰে। অনুষ্ঠানটোত ভাষণ দি ৰাষ্ট্ৰপতি কোবিন্দে কয় যে অৰুণাচল প্ৰদেশ হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ শিৰোমণি স্বৰূপ। ৰাষ্ট্ৰপতিগৰাকীয়ে এই ভ্ৰমণৰ মাজতে অৰুণাচল বিধান সভাৰ বিশেষ অধিবেশনতো অংশগ্ৰহণ কৰাৰ কথা। আনহাতে কাইলৈ ৰাষ্ট্ৰপতিয়ে শিলচৰত অনুষ্ঠিত হৈ থকা নমামি বৰাক মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক বিশেষ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। অহা ২১ নৱেম্বৰত মণিপুৰ ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। ইম্ফলত ৰাষ্ট্ৰপতিগৰাকীয়ে নৰ্থ-ইষ্ট ডেভেলপমেন্ট ছামিট উদ্বোধন কৰিব আৰু লগতে মণিপুৰৰ ছাংগাই উৎসৱৰো শুভ উদ্বোধন কৰিব।

ইফালে ইটানগৰৰ পৰা অহা খবৰ অনুসৰি ৰাষ্ট্ৰপতিৰ অৰুণাচল ভ্ৰমণৰ প্ৰাকমূহুৰ্তত অৰুণাচলৰ কংকুত প্ৰায় ৪ শতাধিক লোকে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰীসকলে ৰাস্তা-ঘাট নিৰ্মাণৰ লগতে স্থানীয় কিছু সমস্যাৰ সমাধানৰ দাবী জনাই এই প্ৰতিবাদ কৰা বুলি কয়। তেওঁলোকে চৰকাৰৰ অকৰ্মণ্যতা তথা মিছা প্ৰতিশ্ৰুতিত অতিষ্ঠ হৈ পৰা বুলি কয়। বছৰ বছৰ ধৰি প্ৰতাৰণাৰ বলি হৈ অহা প্ৰতিবাদকাৰীসকলে পৰৱৰ্তী নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিব বুলিও কয়।

Related News