NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় উশ্বু চেম্পিয়নশ্বিপত উজলিল অৰুণাচলৰ দুগৰাকী খেলুৱৈ

March 24, 2018 12:49 pm · এন ই নাও নিউজ

অৰুণাচল প্ৰদেশৰ ক্ৰীড়াপ্ৰেমীৰ বাবে এক সুখবৰ। হাৰিয়ানাৰ কুৰুক্ষেত্ৰত যোৱা ১৮ৰ পৰা ২২ মাৰ্চলৈ অনুষ্ঠিত ১৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি অৰুণাচল প্ৰদেশৰ দুগৰাকী প্ৰতিযোগীয়ে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে উশ্বু চেম্পিয়নশ্বিপখনত ৪৮ কেজি অনুৰ্ধ্ব শাখাত জিয়ামাৰ য়াটুপে ৰূপৰ আৰু ৪৫ কেজি অনুৰ্ধ্ব শাখাত গিডা য়াজিয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। এই তথ্য সদৰী কৰিছে সদৌ অৰুণাচল প্ৰদেশ উশ্বু সংস্থাই।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে য়াটুপ আৰু য়াজি দুয়োৱে অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ কিমিন নিবাসী।কিমিন উশ্বু ক্লাবৰ প্রশিক্ষক ৱাংগমন ৱাঙছুৰ তত্তাৱধানত দুয়োগৰাকী প্ৰশিক্ষাৰ্থীয়ে নিয়মীয়াভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

জিলাখনৰ দুয়োগৰাকী প্ৰতিযোগীয়ে এইদৰে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত খিতাপ দখল কৰাটোৱে জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যবাসীকে উৎসাহিত কৰি তুলিছে।য়াটুপ আৰু য়াজিৰ সফলতাই ৰাজ্যখনৰ নৱ প্ৰজণ্মক খেলবিধৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলি আশা কৰা হৈছে।

 

Related News