NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয়  নাগৰিকপঞ্জীৰ তৎকালীন জাননীত হাৰাশাস্তিত জনসাধাৰণ

April 27, 2018 9:00 pm · কল্পজ্যোতি শইকীয়া
Updated: April 27, 2018 9:09 pm
এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাত এ পি চি চিৰ সভাপতি ৰিপুন বৰাসহ কংগ্ৰেছৰ নেতৃবৰ্গৰ

‘ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বংশবৃক্ষৰ পৰীক্ষণ চলি আছে আৰু সমাপ্ত হ’বলৈ এটা মাহ বাকী আছে। যোৱা এমাহে বিভিন্ন ঠাইত বংশবৃক্ষ তথ্য পৰীক্ষাৰ বাবে যিসমূহ নীতি-নিৰ্দেশনা কৰিছে তাৰ সৈতে জৰিত বিষয়াসকলে বহু ক্ষেত্ৰত বিশৃংখলতাৰ সৃষ্টি কৰি হাৰাশাস্তিত পেলাইছে জনসাধাৰণক।’ এই দাবী অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাৰ।  শুকুৰবাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি এই সমস্যা সমাধানৰ দাবী জনাই প্ৰদেশ কংগ্ৰেছে এখন স্মাৰক পত্ৰ প্ৰদান কৰি আহি সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বংশবৃক্ষ পৰিক্ষণ প্ৰক্ৰিয়াটোত খেলি-মেলিৰে ভৰি থকাৰ অভিযোগ তোলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। সেয়েহে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা এই খেলি-মেলি তথা আঁসোৱাহসমূহ ততাতৈয়াকৈ আঁতৰাবৰ বাবে আহ্বান জনাই মুখ্য মন্ত্ৰী আৰু ভাৰতৰ মহা পঞ্জীয়কলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

তদুপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে জাননী অহাৰ ২৪ ঘন্টাৰ ভিতৰত এগৰাকী লোক সাজু হৈ উঠিব লাগে, লগতে বহুত দূৰত গৈ তেওঁলোকে পৰীক্ষাকেন্দ্ৰত উপস্থিত হ’ব লাগে। তেনে ক্ষেত্ৰত সেইসকলৰ বাবে জাননী অহাৰ ২৪ ঘন্টাৰ ভিতৰত সাজু হৈ উঠাত অসুবিধাৰ সন্মুখীন হয়। লগতে চাকৰি, ধনৰ অভাবৰ ফলতো দূৰ-দূৰণিলৈ বংশবৃক্ষ পৰীক্ষণৰ বাবে যাব নোৱাৰে বুলিও বৰাই কয়।

‘এন আৰ চি সেৱা কেন্দ্ৰত গৈ শুনানিৰ বাবে ধাৰ্য্য কৰা দিনতকৈও চাৰি-পাঁচদিন জনসাধাৰণে অপেক্ষা কৰিবলগীয়া হৈছে। ইয়াৰ কাৰণ এইটোৱেই যে সেৱাকেন্দ্ৰসমূহত নিযুক্তি দিয়া বিষয়া-কৰ্মচাৰীৰ সংখ্যা নগন্য। লগতে কিছুসংখ্যক লোকৰ আচল নথি-পত্ৰ থকাৰ পিছতো সেইবিলাক গ্ৰহণযোগ্য নহ’ব বুলি কোৱা হৈছে, ফলত বহুতো লোক ভীতিগ্ৰস্ত হৈ পৰিছে।ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰীক্ষা কেন্দ্ৰসমূহত মহিলাসকলৰ বাবে প্ৰস্ৰাবগাৰৰ ব্যৱস্থা নাই, খোৱা পানীৰ সু-ব্যৱস্থা নাই। ‘ ক্ষোভ প্ৰকাশ কৰি বৰাই এনেদৰে কয়।

প্ৰদেশ কংগ্ৰেছৰ হৈ সভাপতি ৰিপুন বৰা,  প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু পৃথিব্বী মাঝিকে ধৰি এটা সজাতি দলে উপৰোক্ত সমস্যাসমূহ সমাধানৰ দাবী জনাই  ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে।

Related News