NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী: হাজেলালৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ‘’ মূল বাসিন্দা কথাটো ক’তো কেতিয়াও ব্যৱহাৰ নকৰিব’’

November 29, 2017 5:12 pm · এন ই নাও নিউজ ব্যুৰো,
Updated: November 29, 2017 5:56 pm

আজি এক গুৰুত্বপূৰ্ণ নিৰ্দেশনাত উচ্চতম ন্যায়ালয়ে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক নিৰ্দেশ দিয়ে যে ‘’মূল বাসিন্দা (ও আই) কথাষাৰ আগলৈ ক’তো কেতিয়াও ব্যৱহাৰ নকৰিব।‘’

উচ্চতম ন্যায়ালয়ত প্ৰকৃত বাসিন্দা সম্পৰ্কত হোৱা এক শুনানিত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ন্যায়ালয়ক জনায় যে অসমত ১ কোটি ৩০ লাখ লোকহে ও আই বা মূল বাসিন্দা। এই পৰ্যন্ত ২ কোটি আবেদন পত্ৰৰ পৰীক্ষা কৰা হৈছে।

হাজেলাই ন্যায়ালয়ক জনোৱা মতে ৪ লাখ লোকৰ ‘’ফেমিলি ট্ৰী’’ মিলা নাই। তেওঁ লগতে কয় যে এন আৰ চিত ৩৭ লাখ লোকে দিয়া তথ্যত খেলিমেলি আছে। আনহাতে, আবেদনকাৰীসকলৰ মাজৰ ১০ হাজাৰ লোকে ৰেচন কাৰ্ড লৈ আবেদন কৰাৰ বিপৰীতে ২৭ লাখ লোকে গাওঁ পঞ্চায়তৰ নথি ব্যৱহাৰ কৰিছে।

 

Related News