NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় পথত বাগৰিল চিলিণ্ডাৰভৰ্তি ট্ৰাক

December 19, 2017 9:44 pm · এন ই নাও নিউজ

ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ ওচৰত ১৫ নং ৰাষ্ট্ৰীয় পথত থকা ধনশিৰি নদীৰ দলঙত আজি এক দুৰ্ঘটনাত পতিত হয় এখন চিলিণ্ডাৰভৰ্তি ট্ৰাক (NL 03A-3608)। দুৰ্ঘটনাৰ ফলত ট্ৰাকখন চিলিণ্ডাৰৰ সৈতে দলঙৰ ওপৰতে বাগৰি পৰে। দুৰ্ঘটনাটোত ট্ৰাকখনৰ এজন হেণ্ডিমেন গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

আনহাতে দুৰ্ঘটনাৰ ফলত ট্ৰাকখন দলঙৰ ওপৰতে বাগৰি পৰাত ঠাইখনত তীব্ৰ যানজঁটৰ সৃষ্টি হয় আৰু ৫ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ প্ৰায় অচলাৱস্থাৰ সৃষ্টি হয়। দুৰ্ঘটনাৰ পিছতে ৰৌতা আৰু ওৰাং আৰক্ষী ঘটনাস্থলীলৈ ততাতৈয়াকৈ যায় আৰু তৎপৰতাৰে ক্ৰেইন আনি পথ মুকলি কৰাত যানজঁট আঁতৰে।

আৰক্ষীয়ে জনোৱা মতে ট্ৰাকখন এটা বেচৰকাৰী গেছ এজেন্সিৰ পৰা আহিছিল আৰু বাণিজ্যিক চিলিণ্ডাৰ লৈ আহিছিল, যিবোৰ হোটেল আৰু ৰেষ্টুৰেণ্টত দিয়াৰ কথা আছিল।

Related News