• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শিশু সাহিত্যিক বিনন্দ বৰুৱাৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2017 10:26 am
1.2k
VIEWS
Share on FacebookShare on Twitter

যোৰহাটৰ ৰজামৈদান নিৱাসী, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শিশু সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, কবি বিনন্দ বৰুৱাৰ ১২ ডিচেম্বৰৰ নিশা ১২ মান বজাত নিজ বাসভৱনত মৃত্যু হয়। মৃত্যৰ সময়ত তেওৰ বয়স হৈছিল ৮০ বছৰ। বৰুৱাৰ মৃত্যু যোৰহাট তথা সাহিত্য প্ৰেমিৰ বাবে এক দু খবৰ। সাহিত্যিক বৰুৱাই নিজৰ শিক্ষা জীৱনৰ পাতনি মেলে কাকজানত। শিক্ষা জীৱন সমাপ্ত কৰাৰ পিছত প্ৰথমে গোলাধাট পলিটেকনিকত চাকৰিৰ জীৱন আৰম্ভ কৰা বৰুৱাই পিছত যোৰহাট বিজ্ঞান মহাবিদ্যালয়(বৰ্তমান জিষ্ট)ত চাকৰি কৰে। ইয়াৰ পাছতে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰে।

শিশু সাহিত্যিক হিচাপে খ্যাতি লাভ কৰা বৰুৱাই ‘অকণিৰ চোৰ-পুলিচ’ নামৰ শিশু পুথিখনৰ বাবে ৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰে। তেওঁৰ আনকেইখনমান উল্লেখযোগ্য যে শিশু গ্ৰন্থ হ’ল ‘অকণিৰ জ্যোতিপ্ৰসাদ’, ‘অকণিৰ নিৰ্মল প্ৰভা বৰদলৈ’, ‘বকুল বনৰ সঁফুৰা’, ‘মহৎলোকৰ মহৎ চিন্তা’, ‘বান্দৰৰ বান্দৰামি’ আৰু ‘যত্ন কৰিলে ৰত্ন পায়’। ‘আধালিখা গ্ৰন্থ’ খন হ’ল তেওঁৰ একমাত্ৰ গল্প পুথি। জীৱনী গ্ৰন্থ দুখন হ’ল ‘শিক্ষাবিদ শশী শৰ্মা’ আৰু ‘বীৰেন বৰকটকীৰ জীৱন ৰেখা’। কবিতা গ্ৰন্থ খন হ’ল ‘দেশে দেশে দেশ আছে’। ইয়াৰ উপৰি তেওঁ লিখা উপন্যাস ‘জীয়াই থকাত সপোন’ আৰু অনাতাঁৰ নাটক ‘সংঘাত’। উল্লেখযোগ্য যে সাহিত্যচৰ্চাৰ উপৰি তেওঁ বিভন্ন সাহিত্য-সাংষ্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত সক্ৰিয়তাৰে জড়িত আছিল। তেওঁ যোৰহাট জিলা সাহিত্যসভাৰ সভাপতি, যোৰহাট শাখা সাহিত্য সভাৰ সম্পাদক, অসমীয়া ভাষা-জ্ঞান সংসদৰ সচিব, সদৌ অসম কবি সন্মিলনীৰ উপসভাপতিকে ধৰি বিভিন্ন সংগঠনৰ দায়িত্ব পালন কৰিছিল। তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিবলৈ গুণমুগ্ধৰ সোতঁ বয়। ৰাতিপুৱা ৯ বজাত তেওঁৰ মৃতদেহ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়লৈ নি শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। বিশিষ্ট শিশু সাহিত্যিক গৰাকীৰ মৃত্যুৰ বাবে কালি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত সভাৰ পতাকা দিনটোৰ বাবে অৰ্ধনিমিত ৰাখে। তেওঁৰ মৃত্যুত আছু, এ জে ৱাই চি পিকে ধৰি বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰাৰ উপৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। বৰুৱাৰ নশ্বৰদেহৰ শেষকৃত্য সম্পন্ন কৰে তেওঁৰ পুৰনি বাসগৃহত। মৃত্যুৰ সময়ত সাহিত্যিক গৰাকীয়ে পত্নী, এজন পুত্ৰ-বোৱাৰী, এগৰাকী কন্যা-জোঁৱাই, নাতি-নাতিনী সহ বহু গুণমুগ্ধক এৰি থৈ যায়।

Recent News

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd