NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় মিক্সড বক্সিঙত স্বৰ্ণ পদকেৰে জিলিকিল অসম সন্তান

December 25, 2017 9:56 pm · আছিফ ইছলাম
Updated: December 25, 2017 9:58 pm

যোৱা ২৩ ডিচেম্বৰৰ পৰা পঞ্জাৱৰ অমৃতসৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় মিক্সড বক্সিং প্ৰতিযোগিতাত অসম দলৰ হৈ অংশগ্ৰহণ কৰা শিৱসাগৰ জিলাৰ লাকুৱা জাতীয় বিদ্যালয়ৰ দুগৰাকী খেলুৱৈ সোণৰ পদক লাভ কৰিছে। জানিব পৰা মতে লাকুৱা দিহিঙীয়া কোঁৱৰ গাঁৱৰ  হেমন্ত ৰাজকোঁৱৰ আৰু মৌচুমী ৰাজকুঁৱৰীৰ কন্যা নিকি ৰাজকুমাৰীয়ে যথেষ্ট পৰিশ্ৰম কৰি অনুশীলন অব্যাহত ৰাখিছিল যাৰ ফলত খেলৰ প্ৰথম ৰাউণ্ডৰ পৰাই প্ৰতিদ্বন্দীক সহজেই পৰাস্ত কৰি তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক চুড়ান্ত খেলখনত মহাৰাষ্ট্ৰৰ প্ৰতিদ্বন্দ্বীক ধাৰাসায়ী কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে লাকুৱা টিপমীয়া গাঁৱৰ নিৱাসী ৰঞ্জন দেওঘৰীয়াৰ পুত্ৰ অভিনন্দন দেওঘৰীয়াই বহু পৰিশ্ৰমৰ মাজেৰে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। আনহাতে নিকি ৰাজকুমাৰী অষ্টম শ্ৰেণী আৰু অভিনন্দন দেওঘৰীয়া নৱম শ্ৰেণীত  লাকুৱা জাতীয় বিদ্যালয়ত অধ্যয়নৰত বুলি জানিব পৰা গৈছে। বিদ্যালয়ৰ তৰফৰ পৰা দুয়োগৰাকী ছাত্ৰ – ছাত্ৰীলৈ  অভিনন্দন জনোৱাৰ লগতে ৰাজ্যবাসীৰ পৰা আৰ্শীবাদ কামনা কৰিছে যে আগন্তুক দিনত অসমৰ লগতে ভাৰতৰ নাম বিশ্বৰ বুকুত জিলিকাব পাৰে।

 

Related News