ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশত মণিপুৰত বন্ধ হ’ল বনাঞ্চলৰ মাজৰ শিশু উদ্যান

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশত মণিপুৰৰ কেন্দ্ৰীয় বন সংমণ্ডলে বন্ধ কৰিবলৈ বাধ্য হ’ল বনাঞ্চলৰ অন্তৰ্ভাগত থকা শিশু উদ্যান। এটা সূত্ৰৰ পৰা জানিব পৰা মতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ কলকাতাস্থিত পূব মণ্ডল পীঠে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰে মণিপুৰ সংৰক্ষিত বনাঞ্চলৰ চেইৰাওচিঙত থকা মেনিউড চিলড্ৰেন ক্লাব (Maniwood children club) নামৰ শিশু উদ্যানখন বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। আৰু  দিয়া বুলি এটা সূত্ৰই জানিবলৈ দিছে। সূত্ৰটোৱে জনোৱা মতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ এই নিৰ্দেশটো যোৱা অক্টোবৰ মাহৰ ৩১ তাৰিখেই জাৰি কৰিছিল। উক্ত নিৰ্দেশনাটো আহে ইম্ফলত থকা ইণ্ডিজেনিয়াছ পাৰ্ছপেক্টিভ নামৰ বেচৰকাৰী সংগঠনটোৱে যোৱা ২০১৬ চনৰ ডিচেম্বৰত দাখিল কৰা এখন আৱেদনৰ ভিত্তিত।

কেন্দ্ৰীয় বন সংমণ্ডল বিষয়া এল জয়কুমাৰে সিঙে যোৱা ২ নৱেম্বৰত ইয়াৰ ভিত্তিত এক নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশটোত কোৱা হৈছে যে পুনৰ নিৰ্দেশ নিদিয়া পৰ্য্যন্ত পাৰ্কখনত সকলো ধৰণৰ কামকাজ তথা ইয়াৰ ব্যৱহাৰ বন্ধ থাকিব।

আনহাতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশটোত অঞ্চলটোত বন সংৰক্ষণ আইন ১৯৮০ ৰ অধীনত পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ৰ পৰা অনুমতি নোপোৱা পৰ্য্যন্ত সকলো ক্ৰিয়া-কলাপ বন্ধ ৰাখিবলৈ কোৱা হৈছে।

তথ্যমতে মণিপুৰত আঠখন সংৰক্ষিত বনাঞ্চল আছে আৰু মুঠ সংৰক্ষিত বনাঞ্চল হ’ল ৯৮৪.২৫ বৰ্গ কিলোমিটাৰ। ৰাজ্যখনৰ বন আৰু পৰিৱেশ মন্ত্ৰ্যালয়ৰ মন্ত্ৰী থৌনাওজাম শ্যামকুমাৰ সিঙে বিধানসভাত জনোৱা মতে হেইগেং সংৰক্ষিত বনাঞ্চলৰ পৰা ৫৩ টা আৰু লংগল সংৰক্ষিত বনাঞ্চলৰ পৰা ৩২ টা মুঠ ৮৫ টা অবৈধ দখল মুক্ত কৰা হৈছে।