ৰাস্তা-ঘাটৰ পুন:নিৰ্মান সম্পূৰ্ণ হৈ উঠাৰ পিছতহে যান-জঁটৰ সমস্যা সমাধান হ’ব

representative image of Sikkim-traffic

গভীৰ যান-জঁটৰ সমস্যাৰ পৰা পাহাৰীয়া ৰাজ্য ছিকিমক মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে কিছু উল্লেখণীয় পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। ৰাজ্য চৰকাৰে ছিকিমৰ ৩২ টা ৰাস্তা-ঘাটৰ পুন:নিৰ্মান কৰি ৰাজ্যখনৰ যান-জঁটৰ সমস্যা দুৰ কৰাৰ বাবে প্ৰথম পৰ্যায়ত ৩ মাৰ্চ ২০১৮ক শেষ সময়সীমা হিচাপে নিৰ্ধাৰণ কৰিছে।

ছিকিমৰ পথ আৰু দলং মন্ত্ৰী জি এম গুৰুঙে বিধানসভাত তেওঁৰ মন্তব্য দাঙি ধৰি কয় যে প্ৰকল্পটো ৰূপায়নৰ ক্ষেত্ৰত বিভিন্ন জটিলতাৰ মুখা মুখি হ’লেও প্ৰকল্পৰ কাম নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাৰ বাবে অহৰহ কাম কৰি থকা হৈছে।

ৰাজ্যখনৰ পথসমূহ বেয়াকৈ ভাঙি যোৱা বাবে যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

বিভিন্ন কাৰিকৰী তথা অন্যান্য অসুবিধাৰ বাবে প্ৰকল্পৰ কাম কিছু পৰিমাণে পলম হৈ থকা বুলিও জনায়।

গধুৰ যান বাহনৰ লগতে বাহিৰৰ ৰাজ্যৰ পৰা প্ৰৱেশ কৰা যান বাহনসমূহ নিয়ন্ত্ৰণ কৰাৰ বাবেই ৰাজ্য চৰকাৰে এই ৩২ টা ৰাস্তাৰ কাম সম্পন্ন কৰিবলৈ শেষ সময়সীমা বান্ধি দিছে।

মেলী-মনপুৰ-নামছী ৭১০ নং ৰাষ্ট্ৰীয় ঘাইপথ ১৮ ডিচেম্বৰৰ পূৰ্বে, টাৰ্কু-ডামথাং-নামছী ৭১০ নং ৰাষ্ট্ৰীয় ঘাইপথ ১৯ মাৰ্চৰ পূৰ্বে, ৰাণীপুল-গেংটক বাই পাছ ৩১০ নং ৰাষ্ট্ৰীয় ঘাইপথ জুন ১৯ৰ পূৰ্বে, নয়াবজাৰ-লেগছীপ ৰাজ্যিক ঘাইপথ ১৯ ডিচেম্বৰৰ পূৰ্বে আৰু মনপুৰ-নয়াবজাৰৰ লগতে নয়াবজাৰ-নামছী পথটো চলিত বছৰৰে ডিচেম্বৰৰ পূৰ্বে সম্পূৰ্ণ কৰিবলৈ ৰাজ্য চৰকাৰে শেষ সময়সীমা নিৰ্ধাৰণ কৰিছে।