ৰাহুল গান্ধী জিন্দাবাদ ধ্বনিৰে কংগ্ৰেছৰ মানৱ শৃংখল

ৰাহুল গান্ধীক সভাপতি হিচাপে পোৱাৰ আনন্দত প্ৰদেশ কংগ্ৰেছৰ মানৱ শৃংখল, গুৱাহাটীত। ফটো : কল্পজ্যোতি শইকীয়া।

আজি অসম প্ৰদেশ কংগ্ৰেছে গুৱাহাটী মহানগৰীত ৰাজীৱ ভৱনৰ সন্মুখত পথৰ দাঁতিত এক মানৱ শৃংখল বাহিৰ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু গুৱাহাটী জিলা কমিটিয়ে যুটীয়াভাৱে এই মানৱ শৃংখল কাৰ্যসূচীটোৰ ৰূপায়ণত আগভাগ লয়। ৰাহুল গান্ধী কংগ্ৰেছ দলটোৰ সভাপতি হোৱাক আদৰণি জনাই তথা আনন্দ প্ৰকাশ কৰিয়েই তেওঁলোকে এই মানৱ শৃংখল কাৰ্য্যসূচীটো হাতত লোৱা বুলি জনায়। তেওঁলোকে ‘ৰাহুল গান্ধী জিন্দাবাদ’ ধ্বনি দি আনন্দ প্ৰকাশ কৰে। অংশগ্ৰহণকাৰীসকলে সহনশীলতা, ধৰ্মনিৰপেক্ষতা আৰু একতাৰ শ্ল’গান দিয়ে। প্ৰায় শতাধিক লোকে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। তাৰ মাজত ৰিপুণ বৰা, ৰকিবুল হুছেইন, অকণ বৰা, দুৰ্লভ চমুৱা, অপূৰ্ব ভট্টাচাৰ্য্যকে ধৰি কংগ্ৰেছ দলৰ বহুকেইজন নেতা তথা বিষয়ববীয়াও আছিল। কাৰ্য্যসূচীটোত মহিলা কংগ্ৰেছেও সহযোগিতা আগ বঢ়ায়।

উল্লেখযোগ্য যে বহু জল্পনা-কল্পনা তথা আলোচনা-সমালোচনাৰ অন্তত ৰাহুল গান্ধীয়েই ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱাটো নিশ্চিত হ’ল। আজি মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিন আছিল, য’ত মনোনয়ন পত্ৰ দিয়া তেৱেঁই একমাত্ৰ প্ৰাৰ্থী। তেওঁৰ হৈ মুঠ ৮৯জনে মনোনয়ন পত্ৰ দাখিল কৰিছিল আৰু আটাইকেইখনেই বৈধ ঘোষিত হৈছে। ফলত ৰাহুল গান্ধীয়েই দলটোৰ সভাপতি হোৱাটো নিশ্চিত হয়। তেওঁ তেওঁৰ মাক ছোনিয়া গান্ধীৰ পৰা অহা ১৬ ডিচেম্বৰত এই দায়িত্ব ল’ব। ছোনিয়া গান্ধীয়ে সৰ্বাধিক ১৬ বছৰ কাল ধৰি দলটোৰ মুৰব্বীৰ দায়িত্ব লৈ আহিছিল। এতিয়া তেওঁৰ পৰা তেওঁৰ পুত্ৰই দলটোৰ দায়িত্ব ল’ব। সমগ্ৰ দেশৰে ভালে সংখ্যক বুদ্ধিজীৱী, ৰাজনৈতিক বিশ্লেষক, ৰাজনৈতিক দল তথা প্ৰতিদ্বন্দ্বীয়ে গান্ধী পৰিয়ালৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক সমালোচনা কৰি অহাৰ পিছতো ৰাহুল গান্ধীকে দলটোৰ সভাপতি নিৰ্বাচিত কৰাটোৰ বিশেষ ৰাজনৈতিক তাৎপৰ্য্য আছে। এই পদক্ষেপে কংগ্ৰেছ দল তথা গান্ধী পৰিয়ালৰ বংশবাদক লোকচক্ষুত অধিক স্পষ্ট কৰিলে বুলিও ক’ব পাৰি।

আনহাতে আজি হাস্যকৰভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই সংবাদ মাধ্যমৰ আগত কংগ্ৰেছে কেতিয়াও পৰিয়ালতান্ত্ৰিকতা নকৰে বুলি মন্তব্য কৰে। বিজেপিয়েহে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰে বুলিও কয় সভাপতিজনে। এই প্ৰসংগত তেওঁ বিজয়া চক্ৰৱৰ্তী আৰু তেওঁৰ জীয়ৰী সুমন হৰিপ্ৰিয়ালৈ আঙুলিয়াই দিয়ে। আনহাতে মোডীয়ে পৰিয়ালতান্ত্ৰিকতা কৰিবলৈ তেওঁ অবিবাহিত বুলিও তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে শ্ৰীযুত বৰাই। মোডীয়ে উন্নয়ন তথা বিকাশৰ কথা চিন্তা কৰিবলৈ এৰি ৰাহুল গান্ধীৰ সমালোচনাত ব্যস্ত হৈ পৰিছে। মোদীয়ে ২৯খন সভাত প্ৰায় ৬৪০ বাৰ ৰাহুল গান্ধীৰ নাম উচ্চাৰণ কৰি বক্তব্য প্ৰদান কৰা বুলিও ৰিপুণ বৰাই মন্তব্য কৰে।