অলপতে আমেৰিকাত বিশ্ব ভাৰোত্তোলনত ৪৮ কেজিৰ শাখাত স্বৰ্ণ পদক লাভ কৰা মণিপুৰৰ স্বৰ্ণকন্যা মীৰাবাই চানুৱে কালি দিল্লীত সংবাদমাধ্যমৰ সৈতে হোৱা মুখামুখিৰ সময়ত কয় যে ৰিঅ’ অলিম্পিকত পদক জিকিব নোৱৰা বাবে সন্মুখীন হোৱা সমালোচনাৰ বাবে তেওঁ খেল এৰি দিয়াৰ কথাই ভাবিছিল। ‘হাতাশা জয় কৰিবলৈ মোক ভালেমান সময়ৰ দৰকাৰ হৈছিল। আনকি মই খেল এৰি দিয়াৰ কথাই ভাবিছিলো। ট্ৰেইনিং কৰাৰ পৰা বিৰত আছিলো।’ চানুৱে কয়। সেই দিনবোৰৰ কথা সুঁৱৰি ভাৰতৰ যুৱ খেলুৱৈগৰাকীয়ে আৰু কয়, ‘ছচিয়েল মিডিয়াত প্ৰচাৰিত মন্তব্য আৰু মোৰ প্ৰশিক্ষকক কৰা সমাচোলনাই মোক সঁচাকৈয়ে হতাশ কৰিছিল।’ উল্লেখযোগ্য যে কৰ্নম মালেশ্বৰীৰ পিছত চানুৱেই দ্বিতীয়গৰাকী ভাৰতীয়, যি বিশ্ব ভাৰোত্তোলন প্ৰতিযোগিতাত সোণৰ পদক পাইছে। তেওঁ কেৱল স্বৰ্ণ জয় কৰাই নহয়, প্ৰতিযোগিতাখনত নিজৰ শাখাত বিশ্ব অভিলেখো সৃষ্টি কৰে। তেওঁ ডপিং সম্পৰ্কতো নিজৰ মত ব্যক্ত কৰে। বিশ্ব প্ৰতিযোগিতাখনত হোৱা অভিজ্ঞতাৰ কথা সুঁৱৰি তেওঁ কয়, ‘লাছ ভেগাছত উপস্থিত হোৱাৰ লগে লগে মোৰ তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষা কৰা হৈছিল, পিছত আকৌ খেলৰ মাজতে এইবোৰৰ নমুনা লোৱা হৈছিল। এই সন্দৰ্ভত ভাৰতীয় ভাৰোত্তলন সংস্থাৰ সভাপতি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কৈছিল যে যিসময়ত চীন, তুৰস্ক, বুলগেৰিয়া, কাজাখাস্তান আদিৰ দৰে শীৰ্ষস্থানীয় দেশ ডপিঙৰ বাবে নিষিদ্ধ হৈছে তেনেস্থলত আমাৰ চানুৱে দেখুৱাই দিলে কেনেকৈ ভাৰতে ডপিংমুক্ত ভাৰোত্তোলনক বিশ্বৰ আগত দাঙি ধৰিছে।
ৰিঅ’ অলিম্পিকৰ ব্যৰ্থতাৰ পিছতে খেলা সামৰাৰ কথা ভাবিছিল চানুৱে
-
By NE NOW NEWS
Related Content
ইউৰোৰ বাবে ফ্ৰান্সৰ দলত নতুন চমক; দুবছৰৰ পাছত প্ৰত্যাৱৰ্তন কান্টেৰ
By
ৰাজীৱ ৰয়
May 18, 2024 5:07 pm
বিদেশত মেডিকেল পঢ়িবলৈ গৈ মাৰাত্মক বিপদত ভাৰতীয় শিক্ষাৰ্থী; সতৰ্ক কৰি দিলে বিদেশ মন্ত্ৰালয়ে
By
ৰাজীৱ ৰয়
May 18, 2024 2:53 pm
সম্বিৎ ঘূৰি অহা নাই স্মাৰ্ট আৰক্ষীৰ! গুৱাহাটীত সপ্তম শ্ৰেণীৰ কিশোৰীক অপহৰণ কৰি ধৰ্ষণ
By
ৰাজীৱ ৰয়
May 18, 2024 2:45 pm
মেঘালয়মুখী হৈছে অসমৰ মদৰ দামত অতিষ্ঠ সুৰাপায়ী! ৩৩% হ্ৰাস পাইছে সুৰাৰ বিক্ৰী
By
ৰাজীৱ ৰয়
May 18, 2024 1:36 pm
ৰে’লযাত্ৰীৰ বাবে ডাঙৰ খবৰ! ৰে’ল সেৱাৰ বাতিলকৰণ, সময় পুনৰ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ তথা পথ পৰিৱৰ্তন
By
ৰাজীৱ ৰয়
May 18, 2024 1:34 pm
ৰঞ্জিত-আইজং পাহৰি যাওক : আপোনাৰ ভঁৰাল ভৰাবলৈ আহিছে প্ৰচুৰ, শতাব্দী আৰু পাটকাই
By
ৰাজীৱ ৰয়
May 18, 2024 12:16 pm