ৰিঅ’ এন ডি পি পিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত : সকলো পক্ষলৈ দলৰ ধন্যবাদ

Neiphiu-Rio

নেইফিঅ’ ৰিঅ’

নাগালেণ্ডৰ নৱগঠিত ৰাজনৈতিক দল তথা পৰৱৰ্তী চৰকাৰ গঠন কৰিব লগীয়া মৰ্চাৰ প্ৰধান দল নেশ্যনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি, চমুকৈ এন ডি পি পিয়ে আজি সৰ্বসন্মতভাৱে দলটোৰ নেতা নিৰ্বাচন কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ক। দলটোৰ এটা সূত্ৰই এই কথা এন ই নাওক জানিবলৈ দিয়ে।

এন ডি পি পি-বিজেপি মৰ্চাৰ মুখ্য মন্ত্ৰী পদৰো প্ৰাৰ্থী ৰিঅ’ক আজি বিধায়িনী দলটোৰ প্ৰথমখন বৈঠকতে দলটোৰ নেতা নিৰ্বাচন কৰা হয়। দলটোত ১8জন বিধায়ক আছে। ক’হিমাৰ এখন হোটেলত এই সভাখন অনুষ্ঠিত হৈছিল।

বৈঠকখনত ৯টা বিষয়ত সিদ্ধান্তত উপনীত হোৱা বুলি সূত্ৰটোৱে জানিবলৈ দিছে। নিৰ্বাচনৰ সৈতে জড়িত থকা সকলো তিক্ত অভিজ্ঞতাক এৰি নাগালেণ্ডৰ বৃহত্তৰ স্বাৰ্থত সকলোকে এক হৈ কাম কৰি যাবলৈ আৰু ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশকে ধৰি সকলো ধৰণৰ বিকাশ আৰু শান্তিৰ বাবে কাম কৰি যাবলৈ আহ্বান জনোৱা হয়।

এন ডি পি পিৰ বিধায়িনী দলে জানিবলৈ দিয়ে যে ভাৰত-নাগা ৰাজনৈতিক সংকট হ’ব দলটোৰ শীৰ্ষতম গুৰুত্ব দিব লগীয়া বিষয়।

এটা  বিবৃতিৰ জৰিয়তে দলটোৱে কয় যে ইতিবাচক পৰিৱৰ্তন অনা, সুপ্ৰশাসন প্ৰদান কৰা, নিকা প্ৰশাসন আৰু বিকাশৰ এটা নতুন ধাৰা অনাৰ বাবে দলটোৱে দৃঢ়ভাৱে কাম কৰিব। ‘দলটোৱে মেধাৰ আৰু ন্যায়ৰ শাসন চলোৱাৰ লগতে ভি আই পি সংস্কৃতি এৰাই চলিব।’

দলটোৱে নাগা ৰাইজৰ বৃহত্তৰ কল্যাণৰ বাবে অক্লান্তভাৱে কাম কৰি যাব আৰু নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিবোৰ ৰক্ষা কৰিবলৈ সৰ্বতোপ্ৰকাৰৰ চেষ্টা কৰিব। আনহাতে নাগালেণ্ডৰ ভোটাৰসকলক নেইফিঅ’ ৰিঅ’ নেতৃত্বাধীন এন ডি পি পি-বিজেপিৰ মিত্ৰজোঁটক দিয়া তেওঁলোকৰ জনাদেশৰ বাবে আন্তৰিক ধন্যবাদ দিয়ে দলটোৱে। বৈঠকত প্ৰধান মন্ত্ৰী মোদীকো তেওঁৰ সমৰ্থন আৰু নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰা হয়। দলটোৱে দলৰ সকলো তৃণমূল পৰ্য্যায়ৰ কৰ্মীসকলকো তেওঁলোকে কৰা কষ্টৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে দলটোৱে দেশৰ নিৰ্বাচন আয়োগৰ লগতে আৰক্ষী, ন্যায়িক পক্ষবোৰক সফলভাৱে নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে আৰু লগতে গীৰ্জা, হোহো, সামাজিক সংগঠন, বেচৰকাৰী সংগঠন আদিকো  ধন্যবাদ দিয়ে।