ৰিহাবাৰীৰ গান্ধীবাদী নেত্ৰী স্নেহলতা চৌধুৰীক লাবণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা প্ৰদান

IMG_20180629_182347

বিশিষ্ট গান্ধীবাদী, শিক্ষাব্ৰতী, লেখিকা তথা বৰপেটা জিলাৰ পাঠশালাৰ ৰিহাবাৰী নিবাসী স্নেহলতা চৌধুৰীক আজি প্ৰদান কৰা হয় লাবণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা৷ অসম লেখিকা সংস্থাৰ দশম বাৰ্ষিকী উপলক্ষ্যে বৰপেটা জিলা পুথিভৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়৷

বিয়লি চাৰি বজাৰ পৰা  অনুষ্ঠিত অনুষ্ঠান এই বঁটা প্ৰদান কৰে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বশিষ্ঠ শৰ্মাই৷ মঞ্জুলা শৰ্মা ভট্টাচাৰ্যৰ সঞ্চালনতা অনুষ্ঠিত বঁটা প্ৰদান কাৰ্যসূচীৰ প্ৰাকক্ষনত বন্তি প্ৰজ্বলন কৰে সু লেখিকা মৃনালিনী দেৱীয়ে ৷ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, সাহিত্যিক সমালোচক গল্পকাৰ হৰপ্ৰিয় বাৰুকিয়াল বৰগোহাঞি, পদ্মশ্ৰী সূৰ্য হাজৰিকাৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি,লেখিকা সংস্থাৰ অন্যান্য বিষয়ববীয়াসকল আৰু ভালেসংখ্যক ৰাইজ উপস্থিত থাকে৷