NORTHEAST NOW (Assamese)

ৰীমা দাসৰ সৈতে অসমৰ ৫ গৰাকীয়ে আজি গ্ৰহণ কৰিব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

May 3, 2018 8:23 am · এন ই নাও নিউজ

‘ভিলেজ ৰকষ্টাৰৰ্ছ’ চলচ্চিত্ৰৰ জৰিয়তে অসমলৈ গৈৰৱ কঢ়িয়াই অনা পৰিচালক ৰীমা দাসক আজি ৰাষ্ট্ৰপতিয়ে স্বৰ্ণকমল বঁটাৰে সন্মানিত কৰিব।

সন্ধিয়া ৫:৩০ বজাৰ পৰা নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’ব লগীয়া ৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত চলচ্চিত্ৰখনৰ প্ৰযোজক তথা পৰিচালক গৰাকীক উক্ত বঁটা প্ৰদান কৰা হ’ব।

সৰ্বশ্ৰেষ্ঠ ছবিৰ লগতে ৩ টা শাখাত শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা চলচ্চিত্ৰখনৰ বাবে ৰীমা দাসৰ উপৰি আন দুগৰাগী শিল্পী মল্লিকা দাস আৰু ভনীতা দাসে ক্ৰমে ‘লোকেচন ছাউণ্ড ৰেকৰ্ডিং’ আৰু ‘শ্ৰেষ্ঠ শিশু শিল্পী’ৰ বঁটা লাভ কৰিব।

চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ সম্পাদনাৰ বঁটাও লাভ কৰিব ৰীমা দাসে।

উল্লেখযোগ্য যে ৰীমা দাসৰ উপৰি আজিৰ এই অনুষ্ঠানত ‘ইশু’ ছবিৰ বাবে উৎপল বৰপূজাৰীক অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজতকমল আৰু ‘কেক ষ্ট’ৰী’ নামৰ চুটি ছবিখনৰ বাবে ৰুকচানাক অকাহিনী শিতানত বিশেষ উল্লেখ ৰাষ্ট্ৰীয় বটাঁ প্ৰদান কৰা হ’ব।

Related News