ৰী-মিতা বোলছবিৰ বেনাৰত নিৰ্মিত আন এখন তথ্যচিত্ৰই পালে আন্তঃৰাষ্ট্ৰীয় বঁটা

ডাঃ সত্যকাম ফুকনৰ দ্বাৰা নিৰ্মিত তথা পৰিচালিত ৰী-মিতা বোলছবিৰ বেনাৰৰ লিগেচি অব কিং নৰক (Legacy of King Narak) নামৰ তথ্যচিত্ৰখনে ৰোমানিয়াৰ বছৰটোৰ বাৰ মাহ জুৰি হোৱা ফিল্ম মহোৎসৱৰ ডিচেম্বৰৰ সংস্কৰণত ‘মাহটোৰ পৰিচালক’ শিতানত দ্বিতীয় শ্ৰেষ্ঠতাৰ বঁটা লাভ কৰিছে। ইয়াকে ধৰি ৰী-মিতা বোলছবিৰ মুঠ চাৰিখন চুটি ছবি তথা তথ্যচিত্ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সন্মান লাভ কৰিবলৈ সক্ষম হ’ল।

ইয়াৰ পূৰ্বে ডাঃ ফুকনে পৰিচালনা তথা নিৰ্মাণ কৰা গাৰ্বেজ বিন মীলছ (Garbage Bin Meals) নামৰ তথ্য চিত্ৰখনে একেটা ফিল্ম মহোৎসৱত যোৱা বছৰৰ মে মাহৰ সংস্কৰণত দ্বিতীয় শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা, ৰাছিয়াৰ অ’মস্কাত যোৱা বছৰৰ ডিচেম্বৰত হোৱা অ’মিচকা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা, ৰোমানিয়াৰ উক্ত ১২ মহীয়া ফিল্ম উৎসৱত গ্ৰেইট ৱাল অব গুৱাহাটী ( Great Wall of Guwahati) নামৰ তথ্যচিত্ৰখনে ২০১৭ চনৰ জুলাই মাহৰ সংস্কৰণ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা, আৰু মাদাৰ্ছ গুৰদ্বাৰা (Mother’s Gurdwara) নামৰ তথ্যচিত্ৰখনে ভাৰতৰ পুনেত হোৱা ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱত শ্ৰেষ্ঠ পৰিচালনাৰ বঁটা পাইছিল।

পেচাত এজন চিকিৎসক ডাঃ ফুকনে ধাৰাবাহিকভাৱে গুৰুত্বপূৰ্ণ বিষয়ত চুটি ছবি তথা তথ্যচিত্ৰ নিৰ্মাণ কৰি আহিছে। লিগেচি অব কি নৰকত তেওঁ কামৰূপৰ প্ৰাচীন ৰজা নৰকাসুৰৰ আঁত ধৰি বহুকেইটা চিন্তা উদ্ৰেককাৰী তথ্য তথা সংযোগ আগ বঢ়াই দিছে। প্ৰাচীন কামৰূপৰ প্ৰতিষ্ঠাপক শাসক হিচাপে জনাজাত তথা অসমত ৰজা হিচাপে মানি অহা নৰক অসুৰক (নৰক+অসুৰ=নৰকাসুৰ) কেৰেলা আৰু গোৱাত অসুৰৰ ৰজা হিচাপে জ্ঞান কৰা হয় –এই গুৰুত্বপূৰ্ণ তথ্য ডাঃ ফুকনে দাঙি ধৰিছে। আনকি কামৰূপৰ প্ৰাচীন ৰজাসকলৰ (যেনে : নৰক, বাণ) ‘অসুৰ’ পৰিচয়ক লৈও তথ্যচিত্ৰখনত এটা গুৰুত্বপূৰ্ণ দিশ দাঙি ধৰা হৈছে। এই অসুৰ শব্দ তথা ইয়াত থকা ‘স’ (IPA: x) ধ্বনিয়ে অসমৰ সৈতে প্ৰাচীন এছিৰিয়ান (Assyrian) আৰু পাৰ্চিয়ানৰ সম্পৰ্ককে দেখুৱাইছে নেকি –এই প্ৰশ্নও আগ বঢ়াই দিয়া হৈছে।

আনহাতে অসমৰ মানুহৰ মনস্তত্ত্ব তথা লোকসমাজত এতিয়াও নৰকাসুৰ বা নৰক ৰজাৰ উত্তৰাধিকাৰিত্ব লক্ষ্য কৰা যায়। অসমৰ গুৱাহাটীৰ বিভিন্ন ঠাইৰ নাম, ইয়াৰ কিছুমান প্ৰতিষ্ঠানৰ নাম, ইয়াৰ গীত-মাতত এতিয়াও নৰক-ভগদত্ত (নৰকৰ উত্তৰাধিকাৰী), বাণাসুৰৰ অস্তিত্ব মন কৰা যায়।

তথ্যচিত্ৰখনত দেখুওৱা আন এটা গুৰুত্বপূৰ্ণ তথ্য হ’ল গুৱাহাটীত এতিয়াও নৰকাসুৰ পাহাৰ নামৰ এখন পাহাৰ আছে। এই পাহাৰত এতিয়াও পুৰণি ভগ্নাৱশেষৰ ৰূপত প্ৰায় ২.৫ কিলোমিটাৰ দীঘল ইটাৰ গাঁথনি দেখা যায়।