ৰূপজ্যোতি কুৰ্মীৰ দাবী : গোলাঘাটৰ ডি চি আৰু এছ পিক নিলম্বন কৰক

Assam Congress MLA Rupjyoti Kurmi may join BJP

ৰূপজ্যোতি কুৰ্মী। ফাইল ফটো।

গোলাঘাটৰ প্ৰলয়সদৃশ বানৰ বাবে দায়ী কৰি এজন জনপ্ৰতিনিধি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই নীপকো আৰু দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছত সৰৱ হৈছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী।

সততে ৰাজহুৱা সমস্যা সন্দৰ্ভত স্পষ্ট ভাষাৰে মাত মাতি অহা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি গোলাঘাটৰ বিধ্বংসী বানৰ বাবে গোলাঘাটৰ ডি চি আৰু এছ পিকো জগৰীয়া কৰি দুয়োজনকে নিলম্বন কৰাৰ লগতে শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰো দাবী কৰে।

বিধায়ক কুৰ্মীৰ মতে, নীপকোৱে পানী এৰা সন্দৰ্ভত আগতীয়াকৈ পত্ৰ দিছিল প্ৰশাসনক। কিন্তু আগতীয়াকৈ এই পত্ৰ লাভ কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে জিলা প্ৰশাসনে।

বিধায়কজনে এখোপ আগুৱাই গৈ গোলাঘাট জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক হত্যাকাৰী আখ্যা দিয়ে।

উল্লেখযোগ্য যে বিধায়ক মৃণাল শইকীয়াই গোচৰ দিয়া সত্ত্বেও গোলাঘাটৰ আৰক্ষীয়ে নীপকো আৰু দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ এজনো বিষয়াৰ বিৰুদ্ধে এই পৰ্য্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ৪ আগষ্টত গোলাঘাটৰ আৰক্ষী নাগালেণ্ডৰ ওখা জিলাস্থিত দৈয়াং জলবিদ্যুৎ প্ৰকল্পক্ষেত্ৰলৈ গৈ প্ৰকল্প বিষয়া প্ৰিয়ব্ৰত দাসক গোলাঘাট থানাত হাজিৰ হ’বলৈ জাননী দিয়েই গুচি আহে।

আনহাতে শাসনত থকা দলটোৰ বিধায়ক মৃণাল শইকীয়াৰ মতে নীপকোৱে আগ জাননী অবিহনে পানী এৰিছিল। কিন্তু কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মতে নীপকোৱে আগ জাননী দিছিল, জিলা প্ৰশাসনেহে ব্যৱস্থা নল’লে।