ৰূপম গোস্বামীয়ে দেশৰ প্ৰথম প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধে অনা অভিযোগ ভিত্তিহীন : দুৰ্গাদাস বড়ো

Durga Das Bodo

কালি এখন সংবাদমেলৰ জৰিয়তে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ বিৰুদ্ধে গাড়ীৰ কেলেংকাৰীৰ অভিযোগ অনাৰ বিৰোধিতা কৰি আজি কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গাদাস বড়োৱে এখন সংবাদ মেলৰ জৰিয়তে এই অভিযোগ ভিত্তিহীন বুলি সদৰী কৰে।

আজিৰ সংবাদমেলত তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে কিদৰে ৫০ হাজাৰ টকাৰ পৰা তিনি মাহৰ ভিতৰত ৮০ কোটি টকাৰ ব্যৱসায় কৰিলে সেই ৰহস্য ৰাজহুৱা কৰিবৰ বাবে আহ্বান জনায়। এই ক্ষেত্ৰত এয়া দুৰ্নীতিৰ পৰিৱৰ্তে নীতি নেকি বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে।

এই প্ৰসংগত তেওঁ কয় যে বিজেপিৰ দৰে পাবত গজা আৰু আৰ এছ এছৰ ছত্ৰছায়াত থকা বিজেপি দলৰ নেতা কৰ্মীয়ে জৱাহৰলাল নেহৰুৰ কৰ্ম আৰু ত্যাগ ঢুকি নোপোৱাটো স্বাভাৱিক। এই ক্ষেত্ৰত তেওঁ শিয়ালে আঙুৰ ঢুকি নাপালে টেঙা বুলি কোৱাৰ দৰে তাচ্ছিল্যসূচক মন্তব্য কৰে।

তদুপৰি জৱাহৰলাল নেহৰুৱে নিজৰ সম্পদৰাজি দেশৰ বাবে উচ্চৰ্গা কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে এনে এগৰাকী ত্যাগী ব্যক্তিৰ বিষয়ে অপমান সূচক মন্তব্য দিয়াটো সমগ্ৰ দেশৰ বাবে অপমানজনক কথা।

উক্ত সংবাদমেলত প্ৰথমগৰাকী মহিলা প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ বিৰুদ্ধে কটু মন্তব্য কৰি ৰূপম গোস্বামীয়ে দেশৰ সম্প্ৰতীৰ প্ৰতি ভাবুকি অনা বুলি সদৰী কৰে। লক্ষণীয় যে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে কালি সংবাদমেলত দেশৰ প্ৰয়াত মহিলা প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী কিয় খান নহৈ গান্ধী হ’ল বুলি এক মন্তব্য কৰিছিল। এই সন্দৰ্ভত বড়োৱে কয় যে ধৰ্ম নিৰপেক্ষ দেশত এই মন্তব্যৰ জৰিয়তে ৰূপম গোস্বামীয়ে সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰিব খুজিছে আৰু এই কথা দুৰ্ভাগ্যজনক।

সংবাদ মাধ্যমত ৰাজ্যিক মুখপাত্ৰগৰাকীৰ আপমানসূচক মন্তব্যবোৰ ব্যাপকভাৱে প্ৰচাৰিত হৈছে, যিবোৰে দেশৰ সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰাৰ লগতে জনসাধাৰণক প্ৰৰোচিত কৰিছে বুলি তেওঁ উল্লেখ কৰে। এই ক্ষেত্ৰত ৰূপম গোস্বামীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দুৰ্গাদাস বড়োৱে সংশ্লিষ্ট কতৃপক্ষক দাবী জনায়।