ৰে’ল যাত্ৰীক সুৰক্ষা দিব পৰাকৈ পৰ্যাপ্ত সুৰক্ষাকৰ্মীৰ অভাৱ তিনিচুকীয়া ৰে’ল সংমণ্ডলৰ

IMG_20180712_115249879

শিমলুগুৰি আৰু যোৰহাটৰ মৰিয়নি ষ্টে’শ্যনত যোৱা দুদিনত ৰহস্যজনকভাৱে দুগৰাকী মহিলাৰ হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ ৰাজ্যতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ৰে’ল বিভাগৰ নিৰ্লিপ্ততাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাত এতিয়া ৰে’ল বিভাগৰ সুৰক্ষাৰ দিশটোক লৈ প্ৰশ্ন উত্থাপন কৰিছে সৰ্বসাধাৰণ ৰাইজে।

উল্লেখ্য যে উজনি অসমৰ ৰে’ল ষ্টেশ্যন সমূহ যাত্ৰীৰ বাবে একেবাৰে সুৰক্ষিত নহয় বুলি এক তথ্য প্ৰকাশ পোৱাৰ পাছতে এতিয়া ৰে’লত যাত্ৰা কৰিবলৈ শংকিত হৈ পৰিছে উজনি অসমবাসী।

এই সংক্ৰান্তত নৰ্থ-ইষ্ট নাওৰ সাংবাদিকে ডিব্ৰুগড় ৰে’লৱে ষ্টেশ্যনত যাত্ৰীৰ বাবে কেনেধৰণৰ নিৰাপত্তা ব্যৱস্থা কৰিছে সেই সম্পৰ্কত এক অভিযান চলোৱাত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। ষ্টেশ্যনটোত সংস্থাপিত ৭ টা চিচি টিভিৰ পাঁচটাই কাৰ্যক্ষম অৱস্থাত আছে যদিও নাই ৰেক’ৰ্ডিঙৰ ব্যৱস্থা।

সুৰক্ষাৰ এনে ফোঁপোলা স্বৰূপৰ বিষয়ে পোহৰলৈ অহাৰ পাছত  ষ্টেশ্যনৰ এগৰাকী আৰ পি এফ বিষয়াক এই সন্দৰ্ভত প্ৰশ্ন সোধোতে দায়সৰা মন্তব্য কৰি কয়, ‘৭টা চিচি টিভিৰ পাঁচটা কাৰ্যক্ষম হৈ আছে যদিও আমাৰ ইয়াত ৰেকৰ্ডিঙৰ কোনো ধৰণৰ ব্যৱস্থা নাই’।

ইয়াৰ উপৰি বিষয়াগৰাকীয়ে আৰু কয়, ‘বৰ্তমান ডিব্ৰুগড় আৰ পি এফত কৰ্মচাৰীৰ ব্যাপক অভাৱ হৈছে। কৰ্মচাৰীৰ অভাৱৰ বাবেই অপৰাধজনিত সমস্যা ৰোধ কৰাত ব্যৰ্থ হ’বলগীয়া হয়। সেয়ে আমি ডিব্ৰুগড় বাণিপুৰ ৰে’লৱে ষ্টেশ্যনত আৰু অধিক আৰ পি এফ কৰ্মচাৰী নিয়োগ কৰিবলৈ জি আৰ পিক অনুৰোধ জনাইছো’।

‘কৰ্মচাৰীৰ ব্যাপক অভাৱৰ পাছতো আমি ডিব্ৰুগড়ৰ পৰা মৰিয়নি ষ্টেশ্যন পৰ্যন্ত পহৰা দিও। কৰ্মচাৰী নিয়োগ সন্দৰ্ভত আমি ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছো। কিন্তু এই পৰ্যন্ত জি আৰ পিয়ে একো ব্যৱস্থা গ্ৰহণ কৰা নাই’। আৰ পি এফৰ এগৰাকী বিষয়াই এইদৰে কয়।

উল্লেখ্য যে বিগত কিছু মাহত ৰে’লত সংঘটিত অপৰাধজনিত ঘটনাৰ বৃদ্ধিয়ে উদঙাই দিছে ৰে’লৱে বিভাগৰ চৰম ব্যৰ্থতা।

‘মহিলাৰ সুৰক্ষাৰ বাবে ৰে’লৱে বিভাগে আজিলৈ একো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়ে চলন্ত ৰে’লত অপৰাধ অভাৱনীয় হাৰত বৃদ্ধি পাইছে। ৰে’ল যাত্ৰীৰ সুৰক্ষাৰ বাবে ৰে’লৱে বিভাগে যথেষ্ট পৰিমাণে গুৰুত্ব প্ৰদান কৰা উচিত’। উমাকান্ত গগৈ নামৰ এগৰাকী ৰে’ল যাত্ৰীয়ে এই মন্তব্য কৰে।

উল্লেখ্য যে সুৰক্ষা বিষয়টোৰ সন্দৰ্ভত আমাৰ সাংবাদিকে ষ্টেশ্যন অধীক্ষক বি এম কছাৰীৰ লগত সম্পৰ্ক স্থাপন কৰিব বিচৰাত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে।