ৰোগীৰ অনুপাতে চিকিৎসকৰ অভাৱ : গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ তাই আহোম ছাত্ৰ সন্থাৰ

ডিমৌ চিকিৎসালয়

বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে ডিমৌ ৰাইচাইত স্থাপিত হোৱা ডিমৌ আদৰ্শ চিকিৎসালয়খনত চিকিৎসকৰ নাটনিয়ে ডিমৌৰ স্থানীয় ৰাইজক চিন্তিত কৰি তুলিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰা ডিমৌ আদৰ্শ চিকিৎসালয়খনত বৰ্তমান কেৱল মাত্ৰ ৪ জন চিকিৎসকে সেৱা আগবঢ়াই আছে।সেয়ে নিশা চিকিৎসালয়লৈ অহা ৰোগীয়ে চিকিৎসক বিচাৰি প্ৰতিবাদমুখৰ হৈ পৰিবলগীয়াও হৈছে।

প্ৰায় আঢ়ৈ বছৰৰ পিছত স্বাস্থ্য বিভাগে চিকিৎসালয়খনত এজন অধীক্ষক নিযুক্তি দিছে যদিও চিকিৎসালয়খনৰ নামত কেইগৰাকীমান নাৰ্ছৰ বাদে এজনো চিকিৎসক আৰু কৰ্মচাৰী নিয়োগ নকৰাত চিকিৎসালয়খনত বৰ্তমান সময়ত এক সমস্যাই দেখা দিছে।

দিনে নিশাই মাত্ৰ ৪ জন চিকিৎসকে ৰোগীক সেৱা আগবঢ়াই চিকিৎসকসকল ভাগৰুৱা হৈ পৰিছে। ইয়াৰ লগতে প্ৰসূতিজনিত অস্ত্ৰোপচাৰ হোৱা চিকিৎসালয়খনত কৰ্তব‍্য পালন কৰাৰ উপৰি দিনে নিশাই ৰোগীক সেৱা আগবঢ়োৱাতো প্ৰায় অসম্ভৱ হৈ পৰিছে।

আনহাতে চিকিৎসালয়খনত নাই এজনো মেডিচিন, ই এন টি, শল্য চিকিৎসকৰ দৰে বিশেষজ্ঞ। বিভিন্ন সময়ত একাংশ ৰোগীয়ে চিকিৎসালয়খনত চিকিৎসকৰ অনুপস্থিতিত হাহাকাৰ কৰিব লগা কাৰ্য্যই স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে। থাওৰা সমষ্টিৰ সমূহ ৰাইজে আদৰ্শ চিকিৎসালয়খনত ৰোগী সকলৰ প্ৰতি লক্ষ্য ৰাখি আন আন পদসমূহত শীঘ্ৰে নিযুক্তি প্ৰদান কৰিবলৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।

তদুপৰি, চিকিৎসালয়খনৰ আন্তঃগাঁথনি অতি বিপদজনক অৱস্থাত আছে। চিকিৎসালয়খনৰ সামগ্ৰিক পৰিৱেশ পৰিস্থিতিৰ সন্দৰ্ভত আজি ডিমৌ আঞ্চলিক তাই আহোম ছাত্র সন্থাই  মহকুমা স্বাস্থ্য বিষয়া জনৈক উল্লাহ আৰু জিলা যুটীয়া সঞ্চালক ( স্বাস্থ্য ) ৰিপুন বৰপূজাৰীক বিষয়টো অৱগত কৰিছিল যদিও।তেওঁলোকে বিষয়টো সম্পূৰ্ণ এৰাই চলি সেয়া তেওঁলোকৰ দায়িত্ব নহয় বুলি  চুড়ান্ত হেমাহি প্ৰদৰ্শন কৰে বুলি জানিবলৈ দিয়ে।

তাই আহোম ছাত্ৰ সন্থাৰ ডিমৌ আঞ্চলিকৰ সাধাৰণ সম্পাদক সুমিত সন্দিকৈয়ে চিকিৎসালয়খনৰ এই সমূহ সমস্যা শীৰ্ঘে সমাধান কৰিবলৈ পৰিৱৰ্তনকামী চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাইজৰ সহযোগত তাই আহোম ছাত্ৰ সন্থাৰ ডিমৌ আৰু শিৱসাগৰ জিলা সমিতিয়ে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি কয়।