বিদ্যালয় চৌহদতে ১২ বছৰীয়া ছাত্ৰৰ নিৰ্বিচাৰ গুলীচালনাঃ সহপাঠী ছাত্ৰ নিহত, দুজন আহত

Open Fires In Finland School

এক চাঞ্চল্যকৰ কাণ্ডই জোকাৰি গৈছে ফিনলেণ্ড। দেশখনৰ ৰাজধানী হেলচিংকিৰ উত্তৰত থকা এখন বিদ্যালয়ত এজন ১২ বছৰীয়া ছাত্ৰৰ নিৰ্বিচাৰ গুলীচালনাত এজন সহপাঠী ছাত্ৰৰ মৃত্যু হয়।

এই কাণ্ডত লগতে আন দুজন শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ফিনলেণ্ডৰ চতুৰ্থ বৃহত্তম চহৰ ভান্টাৰ ভিয়েৰট’লা বিদ্যালয়খনত সংঘটিত হৈছে এই ঘটনা।

স্থানীয় এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে আজি পুৱা প্ৰায় ৯ বজাত এই ঘটনা সংঘটিত হয়। গুলীচালনাত নিহত হয় বিদ্যালয়খনৰ এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ।

ঘটনাৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু বিদ্যালয়ৰ শিক্ষাৰ্থী-কৰ্মচাৰী, অভিভাৱক তথা স্থানীয় লোকসকলক অঞ্চলটোৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।

আৰক্ষীয়ে লগতে গুলীচালনা সংঘটিত কৰা হেলচিংকিত গ্ৰেপ্তাৰ কৰা হৈছে বুলি সদৰী কৰে। ফিনলেণ্ডৰ গৃ্হমন্ত্ৰী মাৰি ৰান্টানেনে ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰে।

ইফালে প্ৰধানমন্ত্ৰী পেটেৰী অৰ্প’ই এই ঘটনাত তেওঁ অতি স্তম্ভিত হোৱা বুলি উল্লেখ কৰি ভুক্তভোগীৰ পৰিয়াললৈ সমবেদনা জনায়।