• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিয় চেবিৰ অধ্যক্ষই পদত্যাগ কৰা উচিত?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
September 7, 2024 7:14 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফ্ৰি প্ৰেছ জাৰ্নেলত প্ৰখ্যাত ৰাজনৈতিক আৰু অৰ্থনৈতিক ভাষ্যকাৰ তথা সাংবাদিক পৰঞ্জয় গুহঠাকুৰতাই চেবিৰ অধ্যক্ষ গৰাকীয়ে কিয় পদত্যাগ কৰিব লাগে সেই বিষয়ে বৰ সুন্দৰ প্ৰবন্ধ এটা লিখিছে। চেবিৰ পুৰা নামটো হ’ল Securities and Exchange Board of India।

এতিয়া চেবিৰ অধ্যক্ষ মাধবী পুৰী বুচকলৈ হোৱা বিতৰ্কই ঘন হৈ আহিছে। তেওঁৰ দুৰ্ৱ্যবহাৰত অসন্তুষ্ট হৈ চেবিৰ কেইবাশও কৰ্মচাৰীয়ে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে বিত্ত মন্ত্ৰালায়ৰ ওচৰত অভিযোগ দিছে। জী মেডিয়া  গ্ৰুপৰ মুৰব্বী সুভাষ চন্দ্ৰই শ্ৰীমতী বুচে ভেটি লোৱা বুলি মুকলিকৈ কৈছে। ইয়াৰ আগতে, চেবি আৰু চেবিৰ অধ্যক্ষৰ কাৰ্যকলাপ কেতিয়াও এনেকৈ সন্দেহৰ আৱৰ্তত সোমাই পৰা নাছিল। বুচৰ আগলৈকে, ভাৰতীয় প্ৰশাসনীয় বিষয়াকহে চেবিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। মাধবী বুচে হৈছে ব্যক্তিগত খণ্ডৰ পৰা চেবিৰ অধ্যক্ষ হিচাপ নিযুক্তি পোৱা প্ৰথম গৰাকী ব্যক্তি। মাধবী বুচৰ বিষয়ে ১০ আগষ্টৰ দিনা হিন্দেনবাৰ্গ প্ৰতিবেদনত প্ৰকাশ পোৱা অভিযোগ সম্পৰ্কে তেওঁ লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যদিও, তাৰপিছত কিন্তু এতিয়ালৈকে এই বিষয়ে তেওঁ সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে।বুচে  কৈছে যে সুভাষ চন্দ্ৰই তেওঁৰ বিৰুদ্ধে অনা অভিযোগবোৰৰ কোনো সাক্ষ্য প্ৰমাণ নাই। প্ৰশ্ন হ’ল সুভাষ চন্দ্ৰৰ অভিযোগবোৰ যদি ভিত্তিহীন তেন্তে বুচৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ অনা বাবে তেওঁ এতিয়ালৈ সুভাষ চন্দ্ৰৰ বিৰুদ্ধে কিয় মানহানি গোচৰ তৰা নাই?

Apply Now

জনমানসত  বিত্তীয় নিয়ন্ত্ৰক চেবিৰ ভাবমূৰ্তি ইয়াৰ আগতে কেতিয়াও ইমান তললৈ নমা নাছিল। চেবিৰ জন্ম হৈছিল ১৯৮৮চনত। বিত্তীয় প্ৰতিষ্ঠান সমূহ যাতে স্বচ্ছ নীতিৰে পৰিচালিত হয় আৰু বিনিয়োগকাৰী সকলে যাতে নিৰ্ভয়ে তেওঁলোকৰ ধন বিত্তীয় বজাৰত  বিনিয়োগ কৰিব পাৰে সেইটো নিশ্চিত কৰাটোৱেই হৈছে চেবিৰ মূল কাম। সংসদত ১৯৯২চনত এখন আইন পাছ কৰি চেবিক নিজাববীয়াকৈ কাৰ্যব্যৱস্থা ল’ব পৰাকৈ অধিক শক্তিশালী কৰা হয়। আৰু সেই বছৰতে হৰ্ষদ মেহতাৰ কেলেংকাৰী পোহৰলৈ আহে। তেনে অপৰাধ নিৰাময়ৰ  ক্ষেত্ৰত চেবিক যথেষ্ট ক্ষমতা  প্ৰদান নকৰাৰ কাৰণে সেই সময়ৰ বিত্ত সচিব মন্টেক সিং আহলুৱালিয়াৰ ওচৰত তেতিয়াৰ চেবিৰ অধ্যক্ষ জি ভি ৰামকৃষ্ণণে  অভিযোগ দিছিল। চেবিক তেনে ক্ষমতা দিয়াৰ পিছত আকৌ কেটেন পাৰেখৰ প্ৰবঞ্চনা পোহৰলৈ আহিছিল। সেই সন্দৰ্ভত যুটীয়া সংসদীয় কমিটিয়ে বৃহৎ আকাৰৰ প্ৰতিবেদনো দিছিল। কিন্তু এতিয়াৰ চেবিৰ মুৰব্বী গৰাকীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগবোৰ নজিৰবিহীন। অধ্যক্ষ হোৱাৰ আগতে পুৰী বুচ চেবিৰ পূৰ্ণকালীন সদস্য আছিল। তেতিয়াই তেওঁ বিভিন্ন ব্যক্তিগত সংস্থাৰ পৰা পইছা লৈছিল বুলি অভিযোগ উঠিছিল। তাৰ পিছত আমি কি দেখিলোঁ? হিন্দেনবাৰ্গ প্ৰতিবেদনত প্ৰধান মন্ত্ৰীৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকা আদানীৰ বিৰুদ্ধে তোলা অভিযোগৰ অনুসন্ধান কৰাৰ ক্ষেত্ৰতো চেবিয়ে খৰতকীয়া ব্যৱস্থা নললে, যাৰ কাৰণে বাৰে বাৰে উচ্চতম ন্যায়ালয়ৰ পৰা চেবিৰ ভৎর্সনাৰ সন্মুখীন হৈছিল।

চেবিৰ কাম হৈছে দেশৰ শ্বেয়াৰ মাৰ্কেটত অংশগ্ৰহণ কৰা বিত্তীয় সংস্থাবোৰে যাতে সকলো নিয়ম কানুন মানি চলে সেইটো নিশ্চিত কৰা। কিন্তু স্বয়ং চেবিৰ মুৰব্বী গৰাকীয়ে কেনেকৈ হেলাৰঙে সেই নিয়ম কানুনবোৰ উলঙ্ঘা কৰিব পাৰে? চেবিৰ মুৰব্বী গৰাকীক নিযুক্তি দিয়া কমিটিখনত আছে প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰী। চেবিৰ মাধবী পুৰী বুচৰ সন্দৰ্ভত উঠা অভিযোগ বোৰ সম্পৰ্কে এতিয়ালৈকে বিত্ত বিভাগ সম্পূৰ্ণ নীৰৱ। তাৰ অৰ্থ এইটো নেকি যে তেওঁলোক সেই বিত্তীয় লেনদেনৰ বিষয়ে ইতিমধ্যে অৱগত আৰু সেইবোৰত তেওঁলোকৰ একো আপত্তি নাই বা তেওঁলোকৰ দৃষ্টিত এই অভিযোগবোৰৰ কোনো সত্যতা নাই? বুচৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপন কৰা হৈছিল সেই কথাবোৰ তেওঁ চেবিক আগতে জনাইছিলনে বা সেইবোৰৰ অনুসন্ধান আৰু বিচাৰৰ সমযত বুচে নিজকে তাৰ পৰা আঁতৰাই ৰাখিছিলনে যিটোক ইংৰাজীত ৰিকিউজ( Recuse) কৰা বুলি কোৱা হয়? অন্ততঃ নাম উল্লেখ কৰিবলৈ অনিচ্ছুক চেবিৰ এজন সদস্যই কৈছে যে দ্বিতীয় হিন্দেনবাৰ্গ প্ৰতিবেদনত উল্লেখ কৰা অভিযোগবোৰ সম্পৰ্কে প্ৰতিবেদন সদৰি হোৱাৰ আগলৈকে তেওঁ অৱহিত নাছিল।

কংগ্ৰেছ দলৰ মুখপাত্ৰ পৱন খেৰাই সংবাদ মেলত চেবিৰ অধ্যক্ষৰ বিৰুদ্ধে অনা অভিযোগ বোৰৰ ক্ষেত্ৰত এতিয়ালৈকে বুচ নাইবা বিত্ত মন্ত্ৰালয়ে কোনো স্পষ্টীকৰণ দিয়া নাই। আই চি আই চি আই বেংকে জনাইছে যে বুচ তেওঁলোকৰ বেংকৰ অধীনত থকা কোম্পেনী এটাত থাকোতে তেওঁক কোনো দৰ্মহা দিয়া হোৱা নাছিল, কেৱল অৱসৰৰ পিছত পাবলগা পা-পইছাহে দিয়া হৈছিল।কিন্তু বেংকৰ এই ভাষ্যই কথাটো আৰু বেছিকৈ সন্দেহৰ আৱৰ্তলৈহে নিছে। ঠিক আছে তেওঁক দৰমহা দিয়া নাছিল বাৰু কিন্তু তেওঁৰ  অৱসৰী ভাট্টা কেনেকৈ দৰমহাতকৈ বেছি হ’ল? সেইটোও বাৰু মানি লোৱা হ’ল, কিন্তু তেওঁ সেই উপাৰ্জনৰ কথা চেবিক জনাইছিল নে বা চেবিত কৰ্মৰত অৱস্থাত তেওঁ কেনেকৈ ICICI Bankৰ কোম্পেনীৰ লগত জড়িত হৈ থাকিব পাৰে? আন এটা আচৰিত কথা হৈছে আদানী গ্ৰুপৰ বিষয়ে উত্থাপন কৰা  প্ৰায় ২৪ টা অভিযোগ সম্পৰ্কে চেবিয়ে ভালদৰে অনুসন্ধান কৰিছেনে নাই সেইটো পৰীক্ষা কৰিবলৈ উচ্চতম ন্যায়ালয়ে কিয় ICICI Bankৰ প্ৰাক্তন মুৰব্বী কে ভি কামাথক নিয়োগ কৰিছিল? ICICI Bankৰ বেংকৰ বিৰুদ্ধেই অভিযোগ আৰু তাৰ অনুসন্ধানৰ দায়িত্ব তেওঁলোকৰ প্ৰাক্তন মুৰব্বীক? বৰ আচৰিত কথা নহয়নে?  কংগ্ৰেছ দলে বিভিন্ন কাৰণে পুৰী বুচৰ পদত্যাগ দাবী কৰিছে, তাৰ এটা হৈছে ৰাষ্ট্ৰীয় নিৰপত্তা উপদেষ্টা অজিত ডোভালৰ পুত্ৰৰ সংস্থা এটাৰ লগত থকা তেওঁৰ সম্পৰ্ক।

চেবিৰ সক্ৰিয় আৰু নিস্ক্ৰিয় ভূমিকালৈয়ে এতিয়া আমাৰ সন্দেহ!  সৰু আৰু মজলীয়া বিত্তীয় প্ৰতিষ্ঠানবোৰে কেনেকৈ পুঁজিৰ বজাৰৰ পৰা  বৃহৎ বৃহৎ পৰিমাণৰ ধন উঠাব পাৰে? সেইবোৰ ইমান সহজভাবে লোৱা কথানে?  কিন্তু এই ক্ষেতত চেবিৰ হস্তক্ষেপ বিলম্বিত আৰু নিৰ্বাচিত। অনিল আম্বানীৰ কোম্পেনীৰ বিৰুদ্ধে চেবিয়ে লোৱা কাঢ়া পদক্ষেপ বহুতেই মানুহৰ দৃষ্টি অন্যফালে ঢাল খুউৱাৰ প্ৰয়াস বুলিও  মত পোষণ কৰিছে।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm
এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

June 25, 2026 8:29 pm
ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

June 25, 2026 8:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd