ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰি নিলম্বিত অসম আৰক্ষীৰ এজন কনিষ্টবলকে ধৰি তিনি হোমগাৰ্ড

twopoliceoff

ট্ৰাকৰ পৰা অবৈধ ভাবে ধন সংগ্ৰহ কৰি অহা বুলি অসম আৰক্ষীৰ বিৰুদ্ধে পুৰণি অভিযোগ আছে।

এই অভিযোগকে সঁচা প্ৰতিপন্ন কৰি অৱশেষত ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰি ধৰা পৰি নিলম্বিত হ’বলগীয়া হ’ল অসম আৰক্ষীৰ এজন কনিষ্টবলকে ধৰি তিনিজন হোমগাৰ্ড।

নিলম্বিত আৰক্ষীৰ লোক কেইজনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ ভাবে ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰিছিল।

ট্ৰাকৰ পৰা ধন সংগ্ৰহৰ ভিডিঅ’ লাভ কৰাৰ পিছতে গুৱাহাটী পশ্চিম আৰক্ষী জিলাত কৰ্মৰত উক্ত আৰক্ষীৰ লোক কেইজনক নিলম্বিত কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।

আৰক্ষী কনিষ্টবল আৰু হোমগাৰ্ড তিনিজনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ ভাবে ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ পোৱাৰ পিছতে আৰক্ষীৰ উৰ্ধতন কৰ্তৃপক্ষই বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল আৰু চাৰিওজন আৰক্ষীৰ লোকৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ লাভ কৰাৰ পিছতে তেওঁলোকক নিলম্বিত কৰা হয়।

নিলম্বিত আৰক্ষীৰ লোক কেইজন হৈছে ক্ৰমে কনিষ্টবল দুলাল কুমাৰ,গড়চুক থানাৰ হোমগাৰ্ড নাছিৰ আলি, হোমগাৰ্ড ৰঞ্জিত হাজৰিকা আৰু জালুকবাৰী থানাৰ হোমগাৰ্ড নৱ কুমাৰ কলিতা।