দুটাকৈ বিস্ফোৰণে কঁপালে জেৰুজালেম: এগৰাকী নিহত, আহত প্ৰায় ১৪ গৰাকী

Explosions in Jerusalem

ইজৰাইলৰ ৰাজধানী জেৰুজালেমত আজি দুটাকৈ বিস্ফোৰণে আতংকৰ সৃষ্টি কৰিছে। চহৰখনৰ দুটা পৃথক বাছ ষ্টপত সংঘটিত এই বিস্ফোৰণত এগৰাকী লোক নিহত হোৱাৰ লগতে ১৪ জন আহত হয় বুলি স্থানীয় প্ৰশাসনে সদৰী কৰিছে।

জেৰুজালেমৰ পশ্চিম দিশৰ এটা বাছ ষ্টপত সংঘটিত প্ৰথমটো বিস্ফোৰণত এগৰাকী লোকৰ মৃত্যু হয় আৰু ১১ গৰাকী আহত হয়। ইয়াৰ পিছতে কিছু দূৰৈৰ আন এটা ষ্টপেজত হোৱা পৃথক বিস্ফোৰণত এখন বাছ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে তিনিগৰাকী লোক আহত হয়।

আধা ঘণ্টাৰ ব্যৱধানত এই দুয়োটা বিস্ফোৰণ সংঘটিত হোৱা বুলি উল্লেখ কৰি আৰক্ষীয়ে বিস্ফোৰণত জড়িত থকা সকলৰ সন্ধানত অঞ্চলটো ঘেৰাও কৰি অনুসন্ধান চলোৱা হৈছে বুলি উল্লেখ কৰে।

জেৰুজালেমৰ শ্বাৰে জেডেক হাস্পতালৰ কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, প্ৰথমটো বিস্ফোৰণৰ ফলত হোৱা আঘাতত এগৰাকী লোকৰ মৃত্যু হৈছে। আনহাতে সংকটজনক অৱস্থাত থকা আন তিনিগৰাকী ব্যক্তিৰ লগতে সামান্যভাৱে আঘাতপ্ৰাপ্ত আন দুগৰাকী লোকৰ চিকিৎসা চলাই থকা হৈছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই উল্লেখ কৰিছে।

ইফালে স্থানীয় আন এক চিকিৎসালয় হাদাছা চিকিৎসা কেন্দ্ৰই জানিবলৈ দিয়া মতে, প্ৰথমটো বিস্ফোৰণত আহত ছয়গৰাকী আৰু দ্বিতীয়টো বিস্ফোৰণত লঘুভাৱে আহত হোৱা আন তিনিগৰাকী লোকৰ চিকিৎসা কৰি থকা হৈছে।

ইফালে দেশখনৰ জন সুৰক্ষা মন্ত্ৰী ওমেৰ বাৰ-লেভে এই বিস্ফোৰণৰ নিন্দা কৰি বিস্ফোৰণক এক আক্ৰমণ আখ্যা দিছে। এই মুহূৰ্তলৈকে কোনো গোটে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।