NORTHEAST NOW (Assamese)

বজ্ৰপাতত বিস্ফোৰণ ঘটিল এচিড টেংকৰ: প্ৰাণ ল’লে এজনৰ, ন গৰাকী আহত

August 13, 2022 7:57 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজস্থানৰ চিতোৰগড় জিলাৰ হিন্দুস্তান জিংকত শুকুৰবাৰে সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা। শুকুৰবাৰে নিশা বজ্ৰপাত পৰি এটা এচিড টেংক বিস্ফোৰণ হোৱাৰ ফলত এজন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।

এই দুৰ্ঘটনাত আন ৯ গৰাকী ব্যক্তিও আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আহতসকলক উন্নত চিকিৎসাৰ বাবে উদয়পুৰলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে লগতে কয়।

ঘটনা সন্দৰ্ভত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কৈলাশ সিং সান্ধুৱে জানিবলৈ দিয়া মতে হিন্দুস্তান জিংকৰ হাইড্ৰ’ প্ৰকল্পৰ টেংকত বজ্ৰপাত হোৱাৰ ফলত ঘটনাস্থলীত উপস্থিত দহজন কৰ্মচাৰী এচিড লিকেজৰ ফলত অগ্নিদগ্ধ হয়।

আঘাতপ্ৰাপ্ত কৰ্মচাৰীসকলক লগে লগে চিতোৰগড়ৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়।

অৱশ্যে গুৰুতৰভাৱে আহত হোৱা ব্যক্তি এগৰাকীৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বুলি তেওঁ লগতে কয়।

Related News