পেটে-ভাতে খাই থকা এগৰাকী ব্যক্তিৰ তেজপুৰ ডিটেনশ্যন কেম্পত আটকাধীন অৱস্থাত মৃত্যু ঘটিছে।চৰকাৰৰ নিৰ্দেশত সীমা আৰক্ষী আৰু ভাৰতীয় নিৰ্বাচন আয়োগে মাজে মাজে একপক্ষীয়ভাৱে কিছুমান লোকক বিদেশী বুলি ঘোষণা কৰি আহিছে। পেটে-ভাতে খাই থকা লোকসকলে আদালতত নিজকে নাগৰিক বুলি প্ৰমাণ কৰোৱাবলৈ অধিবক্তা নিয়োগ কৰাৰ সামৰ্থ নথকাৰ বাবে তেওঁলোকে ডিটেনশ্যন কেম্পতেই কটাবলগীয়া হৈ আহিছে।
বৃহস্পতিবাৰে ডিটেনশ্যন কেম্পত এগৰাকী লোকৰ ৰহস্যজনক পৰিস্থিত মৃত্যু হোৱাৰ পাছত ওদাসগুৰিৰ ৰৌতা এলেকাত এটা চেপা উত্তেজনাই বিৰাজ কৰি আছে। ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ধনশ্ৰীখুটিৰ জব্বৰ আলী (৬৫) নামৰ লোকজনক ওদালগুৰিৰ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পাছত তেওঁ তেজপুৰৰ ডিটেনশ্যন কেম্পত দিন অতিবাহিত কৰি আছিল।
কিন্তু ৪ অক্টোবৰত জব্বৰ আলীৰ ৰহস্যজনকভাৱে অকাল মৃত্যু ঘটে। পাছত অন্তিম সংস্কাৰ কৰিবৰ বাবে আৰক্ষীয়ে মৃতদেহটো পৰিয়ালৰ লোকক গটাই দিছে।
আমছু, মুছা আৰু এবিএমছুৰ কৰ্মীসকলৰ সৈতে উত্তেজিত গাঁৱবাসীসকলে জব্বৰ আলীৰ ৰহস্যজনক মৃত্যুৰ এটা উচ্চস্তৰীয় তদন্তৰ দাবী তুলিছে। উত্তেজিত লোকসকলক নিয়ন্ত্ৰণ কৰিবলৈ ওদালগুৰিৰ উপ আৰক্ষী অধীক্ষক (প্ৰধান কাৰ্যালয়) মইদুল ইছলামৰ নেতৃত্বত এটা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হয়।