হাৰিয়ানাত জয় লাভ কৰি উৰুলিকৃত বিজেপি! ৰাহুল গান্ধীৰ ঘৰলৈ পঠালে ১ কেজি জিলাপী

হাৰিয়ানাত তৃতীয়বাৰৰ বাবে পুনৰ ক্ষমতালৈ আহিল বিজেপি। কালি নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পিছতেই যেন আনন্দত উৰুলিকৃত হৈ পৰিল বিজেপি। কংগ্ৰেছক কেনেকৈ অৱমাননা কৰিব পাৰি তাক লৈ ব্যস্ত হৈ পৰিল বিজেপিৰ নেতা-কৰ্মী সকল।

কালি নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ কাৰ্যালয়লৈ বিজেপিয়ে প্ৰেৰণ কৰিছে মিঠাই। কিন্তু এয়া বন্ধুত্বৰ ‘উপহাৰ’ নহয়। বিজেপিয়ে ৰাহুল গান্ধীক অপমান আৰু ভৎসৰ্না কৰিবৰ বাবে এইদৰে মিঠাই প্ৰেৰণ কৰিছে।

হাৰিয়ানা ৰাজ্যিক বিজেপিয়ে এক্সত এটা পোষ্ট শ্বেয়াৰ কৰিছে। তাত লিখা আছে, “ভাৰতীয় জনতা পাৰ্টিয়ে ৰাহুল গান্ধীৰ ঘৰলৈ ১ কিলোগ্ৰাম জিলাপী প্ৰেৰণ কৰিছে।”

 

স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়, ৰাহুল গান্ধীলৈ জিলাপী কিয় পঠাইছে বিজেপিয়ে? দৰাচলতে হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাহুলে দাবী কৰিছিল যে কেন্দ্ৰৰ জি এছ টি অভ্যুত্থানৰ বাবে জিলাপী ব্যৱসায়ীসকলে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। আৰু তাৰ পিছত বিজেপিয়ে ঠাট্টা কৰি কয় যে ৰাহুল গান্ধীয়ে নাজানে জিলাপী কেনেকৈ প্ৰস্তুত কৰা হয়। সেয়ে এইদৰে জিলাপী প্ৰেৰণ কৰি ৰাহুল গান্ধীক অস্বত্বিত পেলোৱাৰ চেষ্টা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে।