কোকৰাঝাৰত সেনা আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত এনডিএফবিৰ (সং) সদস্য আটক

IMG-20180910-WA0016

যোৱা নিশা চিৰাং সেনা আৰু অসম আৰক্ষীৰ এটা যুটীয়া দলে এজন এনডিএফবিৰ (সং)লসদস্যক আটক কৰিবলৈ সক্ষম হৈছে। উগ্ৰপন্থী সদস্যজনে পাল পাৰাৰ এখন হোটেলত লুকাই থকা ঠাইৰ পৰা অভিযানকাৰী দলটোৱে তেওঁক আটক কৰিবলৈ সক্ষম হয়। উগ্ৰপন্থী সদস্যগৰাকী দহজেন নাৰ্জাৰীৰ পুত্ৰ ফিলিমান নাৰ্জাৰী বুলি জানিব পৰা গৈছে।তেওঁৰ ঘৰ চিৰাঙৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত।

ধৃত উগ্ৰপন্থী সদস্যজন অলপতে নিহত এনডিএফবিৰ (সং) সদস্য জৰ্দান নাৰ্জাৰীৰ ঘনিষ্ঠ বুলি জানিব পৰা গৈছে।

ধৃত ফিলিমান নাৰ্জাৰী বহু কেইটা ধন দাবী গোচৰৰ সৈতে জড়িত।  তেওঁৰ বিৰুদ্ধে বহু কেইটা গোচৰ আৰু গ্ৰেপ্তাৰী পৰোৱানা আছে যদিও তেওঁ আৰক্ষীৰ চকুত ধুলি দি ইমান দিনে পলাই থাকিবলৈ সক্ষম হৈ আছিল।

সেনা বাহিনীয়ে শেহতীয়াভাৱে যে অধিক সস্তম হৈ পৰিছে এই সফল অভিযানটো তাৰেই ফল। ফিলিমান নৰ্জাৰীত আটক কৰাৰ লগে লগে এনডিএফবি এটা বিৰাট ক্ষতিৰ মুখামুখি হৈছে বুলি ধাৰণা কৰা হৈছে। বিশেষকৈ ধন দাবী কৰাৰ ক্ষেত্ৰত সংগঠনটো যথেষ্ট অসুবিধাৰ মুখামুখি হ’ব।  উগ্ৰপন্থী সদস্যজনক গ্ৰেপ্তাৰ কৰাৰ পলত স্বাভাৱিক জনজীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰত এটা উল্লেখনীয় সফলতা লাভ কৰাৰ লগতে সেনা বাহিনীৰ আত্মবিশ্বাস যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা গৈছে।