আকৌ mob lynching! নলবাৰী জিলাত গণপ্ৰহাৰত এজনৰ মৃত্যু; ১০জনক গ্ৰেপ্তাৰ

lynching-1-2-570x320

প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্য জোকাৰি যোৱা ডকমকাৰ কাণ্ডৰ দৰে “নিৰ্বিচাৰ হত্যা” (mob lynching)ৰ এটা মৰ্মান্তিক কাণ্ডত নলবাৰী জিলাৰ এজন যুৱকে আজি পুৱতি নিশাতেই প্ৰাণ হেৰুৱাব লগীয়া হৈছে।

দুৰ্ভাগ্যজনক ঘটনাটোত মৃত্যু হোৱা যুৱকজনৰ নাম মৃগেন কলিতা আৰু তেওঁক গাহৰি চোৰ বুলি সন্দেহ কৰি মৰিয়া মৰিয়াই হত্যা কৰে প্ৰায় দহ-বাৰজন লোকে।

ঘটনাটো ঘটিছে জিলাখনৰ টিহু মহকুমাৰ অন্তৰ্গত পশ্চিম ভাইৰা নামৰ অঞ্চলটোত।

যুৱকজনৰ হত্যাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে ১০জনক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱাকেইজনৰ নাম ক্ৰমে, ভূমিধৰ হালৈ, ধনেশ্বৰ কলিতা, হেমেন বৰ্মন, মৃণাল হালৈ, বিতোপন বৈশ্য, ভৃগুজিৎ বৰ্মন, বিল্বেশ্বৰ বৈশ্য, নিকুল বৰ্মন, হিতেশ বৰ্মন আৰু খগেন হালৈ।

ঘটনাৰ কথা গম পোৱাৰ লগে লগে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক অৱন্তী কৌৰে ঘটনাস্থলীত উপস্থিত হয়।

অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে মৃগেন কলিতা নামৰ যুৱকজনক চোৰ বুলি সন্দেহ কৰি গৈ থকা অৱস্থাত ধৰি মাৰপিট কৰা হয়। পিছত চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

“ঘটনাটোৰতদন্ত আৰম্ভ হৈছে। দহজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰু কোন কোন জড়িত আছে তেওঁলোককো ধৰা হ’ব। আইনৰ অধীনত একশ্যন লোৱা হ’ব”, ঘটনাটোক মব লিন্সিঙৰ ঘটনা আখ্যা দি আৰক্ষী অধীক্ষক কৌৰে কয়।

মৃত যুৱকজনৰ শোকস্তব্ধ দেউতাকৰ ভাষ্যমতে, তেওঁৰ পুতেকক গাহৰি চোৰ সজাই অঞ্চলটোৰ বহুকেইজন ব্যক্তিয়ে নিৰ্মমভাৱে মৰিয়াই মৰিয়াই হত্যা কৰে। মৃগেনে দেওবাৰে পুৱতি নিশাতেই সেইফালে ক’ৰবালৈ গৈছিল। তেতিয়াই ঘটনাটো সংঘটিত হয়।

ৰাজ্য জোকাৰি যোৱা ডকমকাৰ কাণ্ডয়ো মানুহৰ অন্তৰাত্মাক জোকাৰি যাব নোৱৰাত ৰাজ্যখনত ইটোৰ পিছত সিটো দলবদ্ধ হত্যা (mob lynching)ৰ পুনৰাবৃত্তি ঘটি আছে।

যোৱা ৮ আগষ্টত শিৱসাগৰৰ নামতিত শান্তনু বৰগোহাঁই নামৰ এজনক স্থানীয় লোকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল সামান্য অভিযোগতে।

ইয়াৰ পিছত যোৱা ৩১ আগষ্টত টীয়ক চাহ বাগিচাত উন্মত্ত শ্ৰমিকে চিকিৎসক ডা: দেবেন দত্তক মৰিয়াই মৰিয়াই হত্যা কৰিছিল।